পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্রতুত্ত্যৰস্বৰূপে ভাৰতে চলোৱা শক্তিশালী, সফল আৰু নিৰ্ণায়ক সিন্দুৰ অভিযান সন্দৰ্ভত ৰাজ্যসভাত আজি পুনৰ আলোচনা অনুষ্ঠিত হৈছে। আলোচনাত অংশ লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এই অভিযান সামৰাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকাক অস্বীকাৰ কৰি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ মাজত চলিত বৰ্ষৰ ২২ এপ্ৰিলৰ পৰা ১৬ জুনলৈ কোনো ধৰণৰ ফোনযোগে কথা-বাৰ্তা হোৱা নাছিল। কোনো বিশ্ব নেতাই ভাৰতক এই অভিযান ৰোধ কৰাৰ বাবে আহ্বান জনোৱা নাছিল বুলি উল্লেখ কৰি ড০ জয়শংকৰে কয় যে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ সৈতে হোৱা আলোচনাত পাকিস্তানে আক্রমণ কৰিলে ভাৰতে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি নিজৰ স্থিতি স্পষ্ট কৰি দিছিল।
অপাৰেচন সিন্দূৰৰ সফলতাত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বাহাৱলপুৰ আৰু মুদিকেৰ দৰে পাকিস্তানৰ সৰ্ববৃহৎ সন্ত্ৰাসবাদী কেন্দ্ৰসমূহৰ বৃহৎ পৰিমাণৰ ক্ষয়-ক্ষতি হৈছে। তেওঁ লগতে উল্লেখ কৰে যে পাকিস্তানৰ বিমান ঘাটি ধ্বংস আৰু সন্ত্ৰাসবাদী শেষকৃত্যৰ ভিডিঅ’সমূহে এই অভিযানৰ সফলতাৰ বিষয়ে বহু কথাই কয়। তেওঁ দেশক গৌৰৱান্বিত কৰা সেনাবাহিনীৰ প্ৰদৰ্শন আৰু সামৰ্থ্যৰ প্ৰশংসা কৰে। মন্ত্ৰী ড০ জয়শংকৰে কয় যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰৰ উদ্দেশ্য আছিল জম্মু-কাশ্মীৰৰ অর্থনীতি ধ্বংস কৰা। উল্লেখযোগ্য যে ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ পাছত জম্মু-কাশ্মীৰত স্বাভাৱিক পৰিস্থিতি আৰু সমৃদ্ধি ঘূৰি আহিছিল।
ড০ জয়শংকৰে কয় যে এই আক্ৰমণৰ পাছত মন্ত্ৰীসভাৰ সমিতিয়ে সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা প্ৰথমটো সিদ্ধান্ত আছিল পাকিস্তানে সন্ত্ৰাসবাদৰ প্ৰতি থকা সমর্থন সম্পূৰ্ণ ৰূপে ত্যাগ নকৰা পৰ্যন্ত সিন্ধু জল চুক্তি স্থগিত ৰখা। তেওঁ কয় যে বিগত ৬০ বছৰে জনসাধাৰণক জৱাহৰলাল নেহৰুৰ ভুল সিদ্ধান্তক শুধৰাব নোৱাৰি বুলি কৈ অহা হৈছিল, কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে এই ভুল যে শুধৰাব পাৰি সেয়া প্রতীয়মান কৰিলে। ১৯৪৭ চনৰ পৰা ভাৰতে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ সন্মুখীন হৈ আহিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেজ আৰু পানী একেলগে নবয় বুলি মন্তব্য কৰে। যোৱাটো দশকত ভাৰতে বিভিন্ন গোলকীয় মঞ্চত সন্ত্ৰাসবাদৰ বিষয়টো উত্থাপন কৰিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ আঁৰত থকা দ্য ৰেচিষ্টেণ্টছ ফ্ৰণ্ট নামৰ গোটটোক আমেৰিকা যুক্তৰাষ্ট্ৰই সন্ত্ৰাসবাদী গোট হিচাপে ঘোষণা কৰিছে।
আলোচনাত অংশ লৈ ৰাজ্যসভাৰ সদনৰ নেতা জে পি নাড্ডাই পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ গৰিহণা দিয়ে। তেওঁ কয় যে এই আক্ৰমণৰ দিনাই গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীনগৰলৈ শীঘ্ৰেই যাত্ৰা কৰে আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৌদি আৰৱ ভ্ৰমণ আধাতে সামৰে। এই কথাই এই বিষয়টোৰ প্ৰতি চৰকাৰখন কিমান সংবেদনশীল সেয়াই প্রতীয়মান কৰে। শ্ৰীনাড্ডাই সশস্ত্র বাহিনী আৰু নিৰাপত্তা সংস্থাসমূহৰ ভূমিকাৰ প্ৰশংসা কৰে। এন ডি এ চৰকাৰে বৰ্তমান সন্ত্ৰাসবাদৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰিছে বুলি তেওঁ লগতে উল্লেখ কৰে ।
ইপিনে, ডি এম কেৰ সাংসদ এন আৰ এলাংগোৱে কয় যে কোনো ধৰণৰ সন্ত্ৰাসবাদ গ্রহণযোগ্য নহয়। তেওঁ কয় যে ভাৰতৰ সাৰ্বভৌমত্বত কোনো দেশে হস্তক্ষেপ কৰা উচিত নহয় আৰু ইয়াৰ অন্যথা উচিত শিক্ষা দিবই লাগিব। টি এম চিৰ সাংসদ দোলা সেনে চোৰাংচোৱাৰ বিফলতাৰ বিষয়টো উত্থাপন কৰি বাইচৰণ উপত্যকা সম্পূৰ্ণৰূপে সুৰক্ষিত নাছিল বুলি উল্লেখ কৰে। কংগ্ৰেছৰ অখিলেশ প্রসাদ সিঙে অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতীয় কূটনীতি চূড়ান্তভাৱে বিফল হোৱা বুলি অভিযোগ কৰে। উচ্চ সদনত এতিয়াও এই বিষয়ত আলোচনা অব্যাহত আছে।