ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অলিম্পিকত আজি ভাৰতীয় খেলুৱৈসকলে হকী, এথলেটিকছ, টেবুল টেনিছ আৰু মল্লযুদ্ধৰ বিভিন্ন শিতানত প্ৰতিদ্বন্দ্বিতা

মহিলাৰ টেবুল টেনিছৰ দলীয় ইভেণ্টত কালি ভাৰতৰ মণিকা বাটা, শ্ৰীজা আকুলা আৰু অৰ্চনা কামাথে প্রি-কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ মহিলা দলক ৩-২ত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। অৱশ্যে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ব্ৰঞ্জৰ পদকৰ বাবে হোৱা খেলত ভাৰতৰ লক্ষ্য সেন মালয়েছিয়াৰ লি জি জিয়াৰ বিৰুদ্ধে ২১-১৩, ১৬-২১, ১০-২১ গেমত পৰাজিত হয়। একেদৰে মহিলাৰ মল্লযুদ্ধৰ ৬৮ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ নিশা দাহিয়া উত্তৰ কোৰিয়াৰ পাক ছল গামৰ বিৰুদ্ধে পৰাজিত হয়। ইপিনে শ্বুটিঙত স্কিট মিক্সড টীম শাখাত ভাৰতৰ মহেশ্বৰী চৌহান আৰু অনন্তজিৎ সিং নাৰুকাও ব্যর্থ হয়। ভাৰতীয় যুটীটো ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত খেলত চীনৰ বিৰুদ্ধে পৰাজিত হয়। অলিম্পিকত আজি ভাৰতীয় খেলুৱৈসকলে হকী, এথলেটিকছ, টেবুল টেনিছ আৰু মল্লযুদ্ধৰ বিভিন্ন শিতানত প্ৰতিদ্বন্দ্বিতা কৰিব৷ পুৰুষৰ হকীৰ ছেমি ফাইনেলত ভাৰত আজি জাৰ্মানীৰ বিৰুদ্ধে অৱতীৰ্ণ হব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা চাৰে ১০ বজাত আৰম্ভ হব। টকিঅত অনুষ্ঠিত অলিম্পিকৰ হকীত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় পুৰুষ দলটোৱে আজিৰ খেলখনত জয়লাভেৰে ফাইনেলত স্থান নিশ্চিত কৰিবলৈ আপ্রাণ চেষ্টা চলাব। ইপিনে যোৱাবাৰৰ চেম্পিয়ন নীজ চোপ্ৰাই আজি পুৰুষৰ জেভলিন থ্ৰত নিজৰ অভিযান আৰম্ভ কৰিব। খেলুৱৈগৰাকীয়ে ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বাজি ৩০ মিনিটত গ্রুপ-বিত যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত অৱতীৰ্ণ হব। ইয়াৰ পূৰ্বে ভাৰতীয় সময় অনুসৰি ১ বাজি ৫০ মিনিটত একেটা ইভেন্টতে এছিয়ান গেমছত ৰূপক পদক লাভ কৰা কিশোৰ কুমাৰ জেনাই ফাইনেলত স্থান নিশ্চিত কৰিবৰ বাবে গ্রুপ-এত যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত অৱতীৰ্ণ হব। ইপিনে ভাৰতৰ কিৰণ পাহালেই ভাৰতীয় সময় অনুসৰি দিনৰ ২ বাজি ৩০ মিনিটত মহিলাৰ ৪০০ মিটাৰ দৌৰৰ ৰেপচেজ ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব। মল্লযুদ্ধত ভাৰতৰ ৱিনেশ ফোগাটে মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অংশগ্ৰহণেৰে চলিত অলিম্পিকত নিজৰ অভিযান আৰম্ভ কৰিব। খেলুৱৈগৰাকী ভাৰতীয় সময় অনুসৰি দিনৰ ৩ বজাত জাপানৰ ছুছাকী য়ুইৰ বিৰুদ্ধে অৱতীৰ্ণ হব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।