September 27, 2025 7:07 PM | para athalatics

printer

নতুন দিল্লীত আজিৰে পৰা দ্বাদশ বিশ্ব পেৰা এথলেটিকচ চেম্পিয়নশ্বিপ অনুষ্ঠিত

নতুন দিল্লীৰ জৱাহৰলাল ষ্টেডিয়ামত আজিৰে পৰা দ্বাদশ বিশ্ব পেৰা এথলেটিকচ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। এই ৯ দিনীয়া প্রতিযোগিতাখনত বিভিন্ন শাখাত বিজয়ীসকলক মুঠ ১৮৬ টা পদক প্ৰদান কৰা হ’ব। ইয়াৰে পুৰুষৰ বাবে ১০১টা, মহিলাৰ বাবে ৮৪টা আৰু মিক্সড শাখাৰ বাবে এটা পদক থাকিব। প্ৰতিযোগিতাখনৰ ৫ অক্টোবৰত সামৰণি পৰিব।

ভাৰতৰ পেৰা এথলীট দিপ্তী জীৱনজীয়ে আজি অনুষ্ঠিত মহিলাৰ ৪০০ মিটাৰ টি টুৱেণ্টি শাখাত প্ৰথম হৈ পদক ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তেওঁ ৫৮ দশমিক ৩৫ ছেকেণ্ডেৰে চলিত ছিজনৰ সৰ্বোচ্চ প্রদর্শন কৰে। হিট ৱানত ভেনিজুৱেলাৰ লিঅ’নেলা ক’ৰম’ৰ্ট ভেৰা ক’লিনাই ৫৭ দশমিক ১০ ছেকণ্ডেলৈ প্ৰথম স্থান পায় ৷

এইবাৰৰ প্ৰতিযোগিতাত ১০০খনৰো অধিক দেশৰ এহেজাৰৰো অধিক এথলীটে অংশগ্ৰহণ কৰিছে। আয়োজক দেশ ভাৰতৰ ৭০ গৰাকীৰো অধিক এথলীটে বিভিন্ন শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতৰ সুমিত আণ্টিল, প্ৰীতি প’ল, প্রবীণ কুমাৰ, ধৰ্মবীৰ নেইন আৰু নৱদীপ হৈছে প্ৰতিযোগিতাখনৰ অন্যতম আকর্ষণ। ভাৰতীয় দলৰ হৈ পতাকা কঢ়িওৱাৰ দায়িত্বত থাকিব পেৰিছ পেৰা অলিম্পিকৰ ক্লাব থ্ৰৰ স্বৰ্ণ পদক বিজয়ী ধৰ্মবীৰ নেইন আৰু দুটাকৈ ব্ৰঞ্জৰ পদক বিজয়ী স্প্রিণ্টাৰ প্ৰীতি প’ল। পেৰিছ পেৰা অলিম্পিকৰ জেভেলিন থ্র’ত স্বর্ণ পদক বিজয়ী সুমিত আণ্টিলে এইবাৰো স্বৰ্ণ পদক লাভ কৰি হেট্ৰিক কৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।