ডাউনলোড
মোবাইল এপ

android apple
signal

April 28, 2025 12:26 PM | Panchyat election

printer

ৰাজ্যত শাসক-বিৰোধীৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শর্মায়ো প্রতিদিনে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ত কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰে। ড° শৰ্মাই জিলাখনৰ টিংখং বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। এই উপলক্ষে টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সভাত তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়।
       শিৱসাগৰ নগৰৰ সমীপৰ দৰিকাপাৰ নাওজান গাঁৱত মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পীযূষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

শিক্ষামন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডাঃ ৰণোজ পেগুৱে কালি ধেমাজিৰ দিৰপাই মহৰীকেম্প, চিচিবৰগাঁৱৰ যোৰকটা আৰু মাছখোৱাত নিৰ্বাচনী প্ৰচাৰ চলায়।

একেদৰে বিৰোধী দল কংগ্ৰেছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অব্যাহত ৰাখিছে। দলৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাংসদ গৌৰৱ গগৈয়ে বিভিন্ন অঞ্চলত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। দলৰ সভাপতি ভূপেন কুমাৰ বৰাই কালি শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। দলৰ নেতা ৰিপুণ বৰাইও কালি গহপুৰত নির্বাচনী প্ৰচাৰত অংশ লয়।

ধেমাজি জিলাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দলীয় প্ৰাৰ্থীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। দক্ষিণ শালমাৰা মানকাচৰ জিলাত কালি বিধায়ক আমিনুল ইছলামে এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়।

ইপিনে বিভিন্ন জিলা প্রশাসনে নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। প্ৰশাসনসমূহে নির্বাচনী বিষয়াৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। হাইলাকান্দি জিলাত পঞ্চায়ত নির্বাচন শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা লৈছে। জিলাখনৰ ১৭০ টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰ চিনাক্ত কৰি বিশেষ ব্যৱস্থা লোৱা হৈছে। ৩ হাজাৰ ৩২ গৰাকী বিষয়া কৰ্মচাৰীক নিৰ্বাচনৰ বাবে নিয়োগ কৰা হৈছে। জিলাখনত ৪ লাখ ৪৯ হাজাৰ ১৮৮ গৰাকী ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক