ডাউনলোড
মোবাইল এপ

android apple
signal

April 23, 2025 12:30 PM | Panchyat election

printer

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি বিভিন্নজনে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাইছে। একেদৰে কংগ্ৰেছ দলৰ হৈ দলৰ সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈকে ধৰি শীৰ্ষ নেতাসকলে প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি চৰাইদেউ জিলাৰ লাকুৱাত এখন জনসভাত অংশ লয়। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভালেসংখ্যক লোকে এই সভাত অংশগ্ৰহণ কৰে।

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই বৰাকত দুদিন প্ৰচাৰ চলোৱাৰ পাছত কালি গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙি আৰু নামবৰ জিলা পৰিষদত নির্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী নন্দিতা গালোচা আৰু খুমটাইৰ বিধায়ক মৃণাল শ‍ইকীয়াই সভাপতিগৰাকীৰ সৈতে প্ৰচাৰ সভাত ভাগ লয়। আজি তেওঁ শোণিতপুৰ আৰু গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব। অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই কালি গোলাঘাট জিলাত প্ৰচাৰ সভাত অংশ লৈ বিগত সময়ছোৱাত বিজেপি মিত্ৰজোঁট চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহত আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সর্বানন্দ সোণোৱালে আজি শদিয়া, লখিমপুৰ আৰু জোনাইত প্ৰচাৰ চলাব। কালি মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াত প্ৰচাৰ চলায়। জিলাখনৰ ৭ খন আঞ্চলিক পঞ্চায়ত, ২২ খন জিলা পৰিষদ, ৮৬ খন গাঁও পঞ্চায়ত আৰু ৮৮৬ টা ৱাৰ্ডৰ বাবে এহেজাৰ ৭৮ টা ভোটগ্রহণ কেন্দ্ৰত ৫ হাজাৰ বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হৈছে। নির্বাচনী প্ৰক্ৰিয়াৰ সকলো দিশ জিলা আয়ুক্তই তদাৰক কৰাৰ লগতে সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ অধীনত নিৰ্বাচনৰ কামত নিযুক্ত বিষয়াসকলক দায়িত্বভাৰ গতাই দিয়া হৈছে। ধেমাজি জিলাত কালি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই বৰদলনিৰ বৰবামত প্ৰচাৰ সভাত অংশ লয়। সাংসদ গগৈয়ে কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ চৰকাৰ নাথাকিলেও জনসাধাৰণৰ হৃদয়ত কংগ্ৰেছ আছে বুলি মন্তব্য কৰে।
শ্রীভূমি জিলাত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা দেখা গৈছে। কালি বিজেপিৰ নিলাম বজাৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ আয়োজিত এখন নির্বাচনী সভাত দলৰ ভালেসংখ্যক শীর্ষ নেতাই অংশগ্রহণ কৰে।

যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ কুমাৰগাঁও বুথত কালি যোৰহাট জিলা বিজেপিৰ সভাপতি সান্তনু পূজাৰীয়ে আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী প্রদীপ কুমাৰ বৰাৰ হৈ প্ৰচাৰ চলায়। জিলাখনৰ প্ৰশাসনে নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ আয়ুক্তই কালি নিৰ্বাচনৰ পৰিবহণ কোষৰ ভাৰপ্ৰাপ্ত বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্তৰ সৈতে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত উপস্থিত হৈ নিৰ্বাচনী বিষয়াসকলৰ যাতায়াতৰ ব্যৱস্থাসমূহ চোৱাচিতা কৰে।

কামৰূপ জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে। জিলাখনৰ ১৮ খন জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত সদস্যৰ ৯৬ টা পদ আৰু এহেজাৰ ৫০ গৰাকী পঞ্চায়ত সদস্যৰ বাবে নির্বাচন হব। শাসকীয় বিজেপি, অসম গণ পৰিষদ আৰু ৰাভাহাচং যৌথ সংগ্রাম সমিতিয়ে মিত্ৰতাৰে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিজেপি মিত্ৰজোঁটৰ সমানে জিলাখনত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ চলাইছে।
ডিব্ৰুগড় জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২২ খন জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সদস্য আৰু ৱাৰ্ড সদস্যৰ বাবে ২ মেত হবলগীয়া নিৰ্বাচনৰ বাবে প্ৰাৰ্থী আৰু ৰাজনৈতিক দলসমূহৰ ব্যস্ততা বৃদ্ধি পাইছে। জিলাখনৰ মন্ত্ৰী বিমল বৰা, প্ৰশান্ত ফুকনৰ উপৰি কেইবাগৰাকী বিধায়ক আৰু দলীয় নেতাই প্ৰচাৰ অব্যহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক