ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত আছে। কাইলৈ নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল পৰ্বৰ সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নির্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে।
অহা ২ আৰু ৭ মে‘ত দুটা পৰ্যায়ত হ‘বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভা-হাছং যৌথ সংগ্রাম সমিতি আৰু গণ শক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নির্বাচনত ৩৯৭ খন জিলা পৰিষদৰ আসনৰ ভিতৰত ৩১৮ খন আসনত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব। ইয়াৰে ১৭২ খন আসনত মহিলা প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰিব। গণ শক্তিয়ে জোনাইৰ ৪ খন, মাজুলী আৰু ঢকুৱাখনাত এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে ৰাভা-হাছং যৌথ সংগ্রাম সমিতিয়ে গোৱালপাৰা আৰু দক্ষিণ শালমাৰাত প্ৰতিদ্বন্দ্বিতা কৰিব। এইপর্যন্ত মিত্রদল অগপক জিলা পৰিষদৰ ৭৩ খন আসন এৰি দিয়া হৈছে। ছখন আসনক লৈ প্ৰাৰ্থী তালিকা এতিয়াও চূড়ান্ত হোৱা নাই। ইপিনে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে আভ্যন্তৰীণ সংঘাতৰ বাবে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব পৰা নাই ।
শোণিতপুৰ জিলাৰ নদুৱাত বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত বিজেপিৰ প্ৰাৰ্থীসকলে ১১০টা ৱাৰ্ড, ১১টা আঞ্চলিক পঞ্চায়ত আৰু ৪ খন জিলা পৰিষদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে।
ধেমাজি জিলাতো প্ৰাৰ্থীৰ মনোনয়ন পত্র দাখিল প্রক্রিয়া অব্যাহত আছে। ধেমাজিত ১২ খন জিলা পৰিষদৰ আসনৰ ভিতৰত বিজেপিয়ে ১০ খনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে দুখন আসনত মিত্ৰদল অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।
শিৱসাগৰ জিলাৰ ৰংপুৰ আৰু দিচাংমুখ জিলা পৰিষদৰ বাবে আজি কংগ্ৰেছ দলৰ হৈ দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। আনহাতে বিজেপিয়ে জিলাখনৰ ৩টা বিধানসভা এলেকাৰ পৰা দলটোৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ‘বলগীয়া প্ৰাৰ্থীৰ এখন তালিকা প্রকাশ কৰিছে। এই তালিকাত শিৱসাগৰ বিধানসভা এলেকাৰ বাবে ২৭ গৰাকী, ডিমৌৰ বাবে ২৮ গৰাকী আৰু নাজিৰাৰ বাবে ২৫ গৰাকী প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
হোজাই জিলাতো লামডিং সমজিলাৰ কাৰ্যালয়ত আজি মনোনয়ন পত্ৰ দাখিলৰ বাবে যথেষ্ট ভিৰ পৰিলক্ষিত হয়।