ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন, ৫৬.৭১ শতাংশ ভোটদান

মধ্য আৰু নামনি অসমৰ ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে আৰু নিয়াৰিকৈ সম্পন্ন হয়। যোৱানিশালৈকে লাভ কৰা তথ্য অনুসৰি জিলাকেইখনত ৫৬ দশমিক ৭ – ১ শতাংশৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। অৱশ্যে ৰাজ্যিক নির্বাচন আয়োগে ভোটদানৰ সামগ্রিক হাৰৰ চূড়ান্ত তথ্য এতিয়াও প্ৰকাশ কৰা নাই। কালি অন্তিম পৰ্যায়ত ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত ভোটগ্রহণ হয়। আমাৰ কেইবাখনো জিলাৰ সংবাদদাতাই ভোটদানৰ শেহতীয়া তথ্য প্ৰেৰণ কৰিছে। এই অনুসৰি বজালী জিলাত ৭৮ দশমিক ৮ – ৭ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। জিলাখনত ৭৩৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ২৯৫ টা ভোটগ্রহণ কেন্দ্ৰত কালি সুকলমে ভোটগ্ৰহণ কৰা হয় বুলি আমাৰ সংবাদদাতাই জনাইছে। বৰপেটা জিলাত কালি পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হয়। একেদৰে নগাঁও জিলাত ৭৬ দশমিক ৯ –১ শতাংশ ভোটদাতাই আৰু মৰিগাঁও জিলাত ৭৭ দশমিক ৬ – ৬ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কবে। কামৰূপ মহানগৰ জিলাত ৬৫ দশমিক ৫-৮ শতাংশ ভোটদান হয় বুলি জানিব পৰা গৈছে। জিলাখনৰ ২৬৬ টা ভোটগ্রহণ কেন্দ্ৰত কালি শান্তিপূর্ণভাৱে ভোটগ্রহণ অনুষ্ঠিত হয়। কামৰূপ জিলাৰ আমিনগাঁৱত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ ভোটদান কৰে। মন্ত্রী পীযুষ হাজৰিকাই মৰিগাঁও জিলাৰ আঁহতগুৰিৰ মৰাকলং এল পি স্কুলব ভোটকেন্দ্ৰত ভোটদান কৰে । নগাঁও জিলাৰ বেঙেনাআটি প্রাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে ৷ উল্লেখযোগ্য যে ৰাজ্যখনত যোৱা ২ মে’ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১৪ খন জিলাত ৭০ দশমিক ১-৯ শতাংশ ভোটদান সম্পন্ন হৈছিল। অহা ১১ মে’ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব। নির্বাচন অনুষ্ঠিত জিলাকেইখনত বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰং ৰূমত ৰখা হৈছে। সংশ্লিষ্ট জিলা প্রশাসনসমূহে ১১ মে’ত ভোটগণনাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। আমাৰ শ্ৰীভূমি জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনত ভোটগণনাৰ বাবে ১১০ গৰাকী মাইক্ৰ’ অবজার্ভাৰ নিয়োগ কৰা হৈছে। আজি জিলা পুথিভঁৰালত তেওঁলোকৰ প্রশিক্ষণ সম্পন্ন হ’ব। শ্রীভূমি জিলাৰ কৰিমগঞ্জ মহাবিদ্যালয়, পাথারকান্দি সম জিলাৰ অকৈডুমৰ ইনড’ৰ ষ্টেডিয়াম আৰু ৰামকৃষ্ণ নগৰ মহাবিদ্যালয়ত ভোটগণনা কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক