ফৌজদাৰী গোচৰত অভিযুক্ত কোনো প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিবঃ ৰাজ্যিক নিৰ্বাচন আয়োগ

সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া কোনো প্ৰাৰ্থীয়ে ফৌজদাৰী গোচৰত অভিযুক্ত হ’ব নোৱাৰিব বুলি শেহতীয়াকৈ ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা অধিসূচনাত উল্লেখ কৰিছে। কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে দুবছৰ বা ততোধিক কাৰাবাস খাটিবলগীয়া কোনো অভিযোগ থাকিব নোৱাৰিব বুলিও অধিসূচনাত কোৱা হৈছে। তদুপৰি লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ দৰে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীয়েও নিজৰ স্থাৱৰ, অস্থাৱৰ সম্পত্তিৰ হিচাপ দাখিল কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ অৰ্হতা সন্দৰ্ভত শেহতীয়াকৈ নির্বাচন আয়োগে অধিসূচনা জাৰি কৰিছিল। এই অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীসকলে নিজৰ সম্পত্তিৰ হিচাপৰ শপতনামা জমা দিব লাগিব। কোনো প্রার্থী বা প্ৰাৰ্থীগৰাকীৰ পত্নীয়ে বাল্য বিবাহ আইন, ২০০৬ ভংগ কৰিব নোৱাৰিব। একেদৰে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচৰা প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ তলত হ’ব নোৱাৰিব বুলিও কোৱা হৈছে। প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাসগৃহত অনাময় শৌচাগাৰ থাকিব লাগিব। তদুপৰি নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা কোনো প্ৰাৰ্থীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব বুলি কোৱা হৈছে। গাঁও পঞ্চায়তৰ সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ন্যূনতম অহতা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ ন্যূনতম অহতা দশম শ্ৰেণীত অধ্যয়ন কৰা হ’ব লাগিব। একেদৰে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচৰা প্ৰাৰ্থীৰ ন্যূনতম অহতা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা হ’ব লাগিব বুলি অধিসূচনাত উল্লেখ কৰা হৈছে। এই নিৰ্বাচনত জিলা পৰিষদৰ সদস্যই ১০ লাখ, আঞ্চলিক পঞ্চায়তৰ সদস্যই আঢ়ৈ লাখ আৰু গাঁও পঞ্চায়তৰ সদস্যই ২৫ হাজাৰ টকা পৰ্যন্ত ব্যয় কৰিব পাৰিব বুলি আয়োগে অধিসূচনাত উল্লেখ কৰিছে।