ডাউনলোড
মোবাইল এপ

android apple
signal

কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, জিলাসমূহত প্ৰস্তুতি সম্পূৰ্ণ

কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব। ইয়াৰ বাবে জিলাসমূহত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ জিলাত শান্তিপূর্ণভাৱে ভোটগণনাৰ বাবে তিনিঠাইত ভোটগণনা কক্ষ স্থাপন কৰা হৈছে। আমিনগাঁও আয়ুক্তৰ কাৰ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু ৰঙিয়া সমজিলা কাৰ্যালয়ত ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। বজালী জিলা আৰু মানকাচৰ জিলাৰ হাটশিঙিমাৰীতো ভোটগণনাৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক প্রস্তুতি চলিছে। গোৱালপাৰা জিলাৰ দুধনৈ, গোৱালপাৰা পূব আৰু জলেশ্বৰ বিধানসভাৰ অন্তৰ্গত বিভিন্ন পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব। আনহাতে গোৱালপাৰা পশ্চিমৰ বাবে ভোটগণনা গোৱালপাৰা পশ্চিম সমজিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব। মৰিগাঁও জিলাৰ জিলা দণ্ডাধীশ দেৱাশীষ শৰ্মাই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাবি কৰিছে। সেই অনুসৰি ভোটগণনা চলি থকা অৱস্থাত কেন্দ্ৰৰ চৌহদত সমদল উলিওৱা, যিকোনো শ্লোগান দিয়া, মাইক-লাউডস্পিকাৰ আদিৰ ব্যৱহাৰৰ লগতে ভোটগণনা কেন্দ্ৰৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পতাকাসহ বা পতাকা অবিহনে লাঠী, আতচবাজি আদি নিষিদ্ধ কৰা হৈছে। ভোটগণনা কেন্দ্ৰৰ চৌহদত কেৱল বৈধ পৰিচয় পত্ৰ থকা ব্যক্তি আৰু ৰিটার্নিং বিষয়াসকলেহে প্ৰৱেশ কৰিব পাৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। শিলচৰ ৰামনগৰৰ আই এছ বি টি আৰু আই এছ টি টিত কাছাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব। ভোটগণনাৰ বাবে জিলাখনত ৩ হাজাৰ কৰ্মী নিয়োজিত কৰা হৈছে। ইয়াৰে ১০ শতাংশ মহিলা কর্মী বুলি আমাৰ সংবাদদাতাই জনাইছে। ডিব্ৰুগড় জিলাত ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ এই প্ৰক্ৰিয়াত নিয়োজিত সুক্ষ্ম নিৰীক্ষক, কাউণ্টিং ছুপাভাইজাৰ আৰু সহযোগীসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। তিনিচুকীয়া আৰু শোণিতপুৰ জিলাতো ভোটগণনাৰ বাবে যাৱতীয় প্রস্তুতি অব্যাহত আছে। ধেমাজি জিলাৰ ধেমাজি আৰু চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তর্গত জিলা পৰিষদ, আঞ্চলিক পৰিষদ আৰু গাঁও পঞ্চায়তৰ বাবে ধেমাজি মহাবিদ্যালয়ত ভোটগণনা অনুষ্ঠিত হ’ব। জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা জোনাইৰ চিডিচি কাৰ্যালয়ত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ বাবে যোৱা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হৈছে। দুয়োটা পৰ্যায়ৰে ভোটগণনা কাইলৈ সম্পন্ন হ’ব।

অধিক পঢ়ক

সকলো চাওক