ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত মুখ্যমন্ত্ৰীগৰাকীয়ে টীয়কৰ ৰজাবাৰী খেলপথাৰ আৰু সৰুপথাৰৰ ধোন্দাচাম ক্রীড়া সন্থাৰ খেলপথাৰত দুখনকৈ নিৰ্বাচনী সভাত ভাগ লয়। সৰুপথাৰত নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক তীব্র সমালোচনা কৰাৰ লগতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এ সমর্থিত সকলো প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰে। একেখন সভাতে মুখ্যমন্ত্রী শর্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈকো তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি সাংসদগৰাকীৰ শত্ৰু ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক থকা বুলি মন্তব্য কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ঢকুৱাখনাৰ বাটমাৰিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে ধেমাজিৰ মাজৰবাৰীত আন এখন নির্বাচনী সভাত অংশগ্রহণ কৰি কয়, যে সন্ত্রাসবাদ নিঃশেষ কৰাটো বিজেপি নেতৃত্বাধীন চৰকাৰৰ সংকল্প।
ধেমাজিৰ নলবাৰী ৰাজহুৱা খেলপথাৰত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এখন নির্বাচনী প্ৰচাৰ সভাত ভাগ লৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী বৰদলনি জিলা পৰিষদৰ সদস্য খ্যমালি বৰদেউৰী দৈমাৰী আৰু আঞ্চলিক সদস্য গুণৰী ব্ৰহ্মৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়।
ইপিনে যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে ডিগবৈৰ গোলাইত কালি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ লয়।
আনহাতে ডিব্ৰুগড়ত এখন সংবাদমেল অনুষ্ঠিত কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দলীয় ইস্তাহাৰ মুকলি কৰে। সংবাদমেলখনত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাও উপস্থিত থাকি শাসকীয় দলটোক তীব্ৰ সমালোচনা কৰে ।
নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তথা জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত আছে।
অহা ৭ মে’ত দ্বিতীয় পৰ্যায়ত কামৰূপ জিলাত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি, অসম গণ পৰিষদ আৰু ৰাভা-হাছং যৌথ সংগ্রাম সমিতিয়ে নির্বাচনী প্ৰচাৰ ব্যাপক কৰি তোলাৰ লগতে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছেও একাধিক নির্বাচনী সভাত অংশগ্ৰহণ কৰিছে। ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই কালি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ১০ খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে হাজো-শুৱালকুছি বিধানসভা সমষ্টিত অসম গণ পৰিষদে ঘৰে ঘৰে গৈ প্ৰচাৰ চলায়। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতায়েও একাধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।
ইপিনে নলবাৰী জিলা বিজেপিৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত কেইবাশ লোকে দলটোত যোগদান কৰে।