পৰহিলৈ হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলাসমূহত প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ জিলাত শান্তিপূর্ণভাৱে ভোটগণনাৰ বাবে তিনি ঠাইত ভোটগণনা কক্ষ স্থাপন কৰা হৈছে। আমিনগাঁও আয়ুক্তৰ কাৰ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু ৰঙিয়া সমজিলা কাৰ্যালয়ত ভোটগণনা কেন্দ্র স্থাপন কৰা হৈছে। ইতিমধ্যে ভোটগণনাৰ বাবে নিৰীক্ষক, ভোটগণনা সহায়ক, সূক্ষ্ম পর্যৱেক্ষকসকলকে ধৰি ভোটগণনা কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।
ডিব্ৰুগড় জিলাতো ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ কালি এই প্ৰক্ৰিয়াত নিয়োজিত মাইক্র’ অবজাৰভাৰ, কাউন্টিং ছুপাৰভাইজাৰ আৰু সহযোগীসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা পুঁথিভঁৰাল প্ৰেক্ষাগৃহ আৰু মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত কেইবাগৰাকীও বিশেষজ্ঞ প্রশিক্ষকে ভোটগণনা প্রক্রিয়া সন্দৰ্ভত বিষয়াসকলক প্ৰশিক্ষণ দিয়ে।
তিনিচুকীয়া জিলাতো পৰহিলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ’ব। জিলা সদৰৰ সৰ্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰূমৰ উপৰি তিনিওখন সমজিলাতে একে সময়তে ভোটগণনা কৰা হ’ব। প্ৰতিটো জিলা পৰিষদ সমষ্টিৰ বাবে একোটাকৈ গণনা কক্ষ স্থাপন কৰা হৈছে। পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ব্যৱস্থা সন্দৰ্ভত জিলাখনৰ সকলো পঞ্জীভুক্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে জিলা আয়ুক্ত স্বপ্নীল পাল এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ভোটগণনা সুকলমে স্বচ্ছ, নিকা আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰিবলৈ ৰাজনৈতিক দল তথা প্রার্থীসকলে পালন কৰিবলগীয়া কৰ্তব্য সন্দৰ্ভত আলোচনা কৰা হয়। আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত সকলো ৰাজনৈতিক দলৰ সহায় সহযোগিতা কামনা কৰে ।
শোণিতপুৰ জিলাতো ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত আছে। সেই অনুসৰি ভোটগণনাৰ দিনা তেজপুৰত সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি শোণিতপুৰ জিলা দণ্ডাধীশে এলানি নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি দৰং মহাবিদ্যালয়ত স্থাপন কৰা ভোটগণনা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জনসমাবেশ, যান-বাহনৰ পাৰ্কিং, অস্থায়ী বিপণী খোলা আৰু ফটকা ফুটোৱা নিষিদ্ধ কৰা হৈছে। গণনা কেন্দ্ৰৰ বাহিৰত অস্ত্ৰসদৃশ সামগ্ৰী ৰখাৰ লগতে পৰিচয়বিহীন লোকৰ প্রবেশ নিষিদ্ধ কৰা হৈছে। এই নিষেধাজ্ঞা উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা অনুসৰি শাস্তি বিহা হ’ব বুলি কোৱা হৈছে।