অহা ২ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। নির্বাচন উপলক্ষে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।
মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্বনাথ, শোণিতপুৰ আৰু নগাঁৱত প্ৰচাৰ সভাত অংশ লয়। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত দলটোৱে জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰি যাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।
বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলাৰ টিংখং, নাহৰকটীয়াৰ উপৰি দুলীয়াজানৰ ঘাঁহী ফুকনবাৰীত আয়োজিত জনসভাত অংশ লয়। তেওঁ বিকাশৰ অনিৰুদ্ধ গতি ত্বৰান্বিত কৰাৰ বাবে বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ আহ্বান জনায়। আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নগা পথাৰ ৰংগমঞ্চ, ডিকম কম ভৱন আৰু মনোহাৰী চাহ বাগিচাৰ খেল পথাৰত নিৰ্বাচনী প্ৰচাৰ সভা সোণোৱালৰ।
শাসকীয় বিজেপি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ দুয়োটা দলে কালি ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলায়। অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, স্থানীয় বিধায়ক পোনাকণ বৰুৱাই কালি জিলাখনৰ কেইবা ঠাইতো প্ৰচাৰ চলায়। তিনিচুকীয়াৰ মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত পানীতোলা জিলা পৰিষদ তথা পৰিষদৰ অধীনৰ আঞ্চলিক পঞ্চায়তৰ এন ডিৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ হৈও তেওঁলোকে প্ৰচাৰ চলায়। শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰী আলিমূৰত অনুষ্ঠিত সভাতো মন্ত্ৰী বৰাই অংশ লয়।
কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই কালি ৰঙানদী সমষ্টিৰ বিভিন্ন স্থানত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। সাংসদ গৌৰৱ গগৈয়ে যোৰহাট জিলাৰ বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে।
ধুবুৰী জিলাৰ গৌৰীপুৰৰ খাগৰাবাৰীত কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে কালি এখন নির্বাচনী সভাত অংশ লয় । তেওঁ গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৰূপচি জিলা পৰিষদৰ সদস্য পদৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। এই সভাত অসম প্রদেশ কংগ্ৰেছৰ উপ-সভাপতি নৃপেন্দ্ৰ ঠাকুৰীয়া উপস্থিত থাকে। শ্রীভূমি জিলাত কালি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নিৰ্বাচনী প্ৰচাৰ চলায়। সভাত ৰাজ্যসভাৰ সাংসদ মিছন ৰঞ্জন দাসকে ধৰি কেইবাজনো দলীয় নেতা উপস্থিত থাকে।
নির্বাচন উপলক্ষে ৰাজ্যৰ সকলো প্ৰান্ততে প্ৰশাসনৰ তৎপৰতা বৃদ্ধি পাইছে। মৰিগাঁৱৰ সাধাৰণ পৰ্যৱেক্ষক উদয়াদিত্য গগৈয়ে মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত জটিল হিচাপে চিহ্নিত খাটৰবৰী প্ৰাথমিক বিদ্যালয় আৰু শৌলমাৰী প্ৰাথমিক বিদ্যালয় ভোটগ্রহণ কেন্দ্রকেইটা পৰিদৰ্শন কৰে।