ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 13, 2025 1:17 PM | Palio

printer

কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক প্রদান কার্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক প্রদান কার্যসূচী ৰূপায়ণ কৰা হৈছে।

ডিব্ৰুগড় জিলাৰ সকলো খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ অঞ্চল তথা নগৰ অঞ্চলৰ এক লাখ ৯২ হাজাৰ ৭১৬ গৰাকী শিশুক পলিঅ’ প্রতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কালি পলিঅ প্রতিষেধক গ্রহণ কৰিব নোৱাৰা শিশুসকলক আজি আৰু কাইলৈ স্বাস্থ্যকর্মীসকলে ঘৰে ঘৰে গৈ প্রতিষেধক প্রদান কৰিব।

গোৱালপাৰা জিলাতো ৫ বছৰ বয়সৰ ভিতৰৰ মুঠ এক লাখ ৯৬ হাজাৰ শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ প্রতিষেধক প্রদান কৰিবলৈ লোৱা হৈছে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাত কালি প্রতিষেধক প্রদান কাৰ্যসূচীৰ প্ৰথমদিনা প্রায় ৬৫ শতাংশ শিশুক পলিঅ’ দিয়া হয়। জিলাখনৰ ৩২৮ খন ঠাইত এই কাৰ্যসূচীত এহেজাৰ ৭৮ গৰাকী স্বাস্থ্যকৰ্মীয়ে ৫১ হাজাৰ ৭২৮ টি শিশুক প্রতিষেধক প্রদান কৰে। জিলাখনৰ মুঠ ৮০ হাজাৰ শিশুক এই অভিযানৰ জৰিয়তে সামৰি লোৱা হৈছে।

ওদালগুৰি জিলাত এই অভিযানৰ অধীনত কাইলৈ পর্যন্ত এক লাখ ছহেজাৰ ৪৬৭ টি শিশুক পলিতা’ প্রতিষেধক প্রদান কৰা হ’ব।

চিৰাং জিলাত ৬০ হাজাৰ ২৪৬ টি শিশুক এই প্রতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে।

দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ৫ বছৰ বয়সৰ তলৰ এক লাখ ৩৮ হাজাৰ ৭৬৩টা শিশুক পলিঅ’ প্রতিষেধক প্ৰদান কৰা হ’ব। তদুপৰি ৫৩টা ভ্রাম্যমান প্রতিষেধক প্রদানকাৰী দলে দুর্গম আৰু যাতায়াতৰ অসুবিধা থকা স্থানলৈ গৈ প্রতিষেধক প্রদান কৰিব।