October 24, 2025 12:55 PM | Pakisthan

printer

তেহৰিক-ঈ-লাবাইক পুনৰ নিষিদ্ধ ঘোষণা পাকিস্তান চৰকাৰৰ

পাকিস্তান চৰকাৰে দেশখনৰ সন্ত্রাসবাদ প্ৰতিৰোধী আইনৰ অধীনত তেহৰিক-ঈ-লাবাইক পাকিস্তান TLP ক পুনৰ নিষিদ্ধ ঘোষণা কৰিছে। শেহতীয়াকৈ দেশখনত হোৱা হিংসাত্মক প্রতিবাদত কেইবাগৰাকীও লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্রহণ কৰা হয়। কালি এখন কেবিনেট বৈঠকৰ পাছত এই বিষয়ে ঘোষণা কৰা হয়।