September 22, 2025 11:31 AM

printer

পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰপাখতুনখাৱা প্ৰদেশত ৭ জন সন্ত্ৰাসবাদী নিহত

পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰপাখতুনখাৱা প্ৰদেশত সেনাৰ অভিযানত কালি নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তানৰ ৭ জন সন্ত্ৰাসবাদী নিহত হয়। যোৱা শনিবাৰে দক্ষিণ ৱাজিৰিস্তান সীমান্তৰ ডেৰা ইছমাইল খান জিলাত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিত সেনাই অঞ্চলটোত অভিযান চলায়। নিহত সন্ত্রাসবাদীকেইজনৰ ভিতৰত তিনিজন আফগান নাগৰিক আৰু দুজন আত্মঘাতী বোমাৰু আছিল বুলি পাকিস্তান সেনাৰ বিবৃতিত প্ৰকাশ পাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।