September 3, 2025 8:31 PM | Pakisthan

printer

পাকিস্তানত যাত্রীবাহী বাহনলৈ অচিনাক্ত দুর্বৃত্তৰ গুলীচালনাত কমেও ছজন লোকৰ মৃত্যু

পাকিস্তানৰ উত্তৰ-পশ্চিমৰ খাইবাৰ পখতুনখোৱা প্রদেশত আজি অচিনাক্ত দুর্বৃত্তই এখন যাত্রীবাহী বাহনলৈ মুকলিকৈ গুলীচালনা কৰাৰ ফলত কমেও ছজন লোকৰ মৃত্যু হয়। স্থানীয় আৰক্ষীয়ে জনোৱা মতে যাত্রীভর্তি বাহনখনে দাৰাদাৰৰ পৰা ছাদ্দা অভিমুখে গৈ থকা অৱস্থাত আফগানিস্তান সীমান্তৰ কুৰাম জিলাৰ মহুৰাৰ সমীপত সন্দেহযুক্ত সন্ত্রাসবাদীয়ে হঠাতে আক্রমণ চলায়। আক্ৰমণৰ পাছতে সন্ত্রাসবাদীকেইজন পলাই যাবলৈ সমর্থ হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

ইপিনে, খাইবাৰ পখতুনখোৱাৰ এটা অর্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত কালি সুৰক্ষা বাহিনীয়ে সন্ত্রাসবাদীৰ আক্রমণ প্রতিহত কৰাৰ সময়ত ছজন জোৱান আৰু পাঁচজন সন্ত্রাসবাদী নিহত হয় বুলি সেনাই প্রকাশ কৰিছে।