ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 30, 2025 12:46 PM | Pakisthan

printer

ইছলামাবাদলৈ সতর্কবাণী জাৰি ছৌদি আৰৱৰ গৃহ মন্ত্ৰ্যালয়ৰ

ছৌদি আৰৱৰ গৃহ মন্ত্ৰ্যালয়ে কোনো পাকিস্তানী নাগৰিকে চলিত বৰ্ষৰ হজ পার্মিটৰ নিয়ম উলংঘা কৰিলে তেওঁৰ বিৰুদ্ধে কঠোৰ জৰিমনা বিহা হব বুলি ইছলামাবাদলৈ সতর্কবাণী জাৰি কৰিছে। ছৌদি মন্ত্ৰ্যালয়ে শেহতীয়াকৈ জাৰি কৰা সতর্কবাণী অনুসৰি অহা ১০ জুনলৈ জৰিমনাৰ শাস্তি বাহাল থাকিব। মন্ত্ৰ্যালয়ে উল্লেখ কৰা মতে কোনো পাকিস্তানী নাগৰিকে বৈধ অনুমতি অবিহনে হজ কৰাৰ চেষ্টা কৰিলে ২০ হাজাৰ ছৌদি ৰিয়াল জৰিমনাৰ সন্মুখীন হব লাগিব। মক্কাত থকা আৰু ইয়াত প্ৰৱেশ কৰা সকলকে ধৰি সকলো প্ৰকাৰৰ ভিছা থকা লোকৰ ক্ষেত্ৰতে এই জৰিমনা প্রযোজ্য হব। মক্কা ৰুট ইনেছিয়েটিভৰ অধীনত পাকিস্তানে নিজাববীয়াকৈ ৪৪২ গৰাকী হজ যাত্ৰীৰ প্ৰথমটো গোট কালি ইছলামাবাদৰ পৰা মদিনালৈ বিমানযোগে প্ৰেৰণ কৰাৰ পাছতে ছৌদি আৰৱ চৰকাৰে এই সতর্কবাণী জাৰি কৰিছে। পাকিস্তানৰ পৰা প্ৰতিবছৰে পাৰ্মিট অবিহনে হজযাত্ৰা কৰা নাগৰিক, অবৈধ যাত্ৰী আৰু ভিক্ষাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ছৌদি আৰৱে এনে কঠোৰ সতর্কবাণী জাৰি কৰিছে। বিগত ৩ বছৰত ছৌদি আৰৱে কমেও ৪ হাজাৰ ৭০০ পাকিস্তান ভিক্ষাৰী নিজ দেশলৈ প্ৰেৰণ কৰিছে।