ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 28, 2025 12:48 PM | Pakisthan

printer

তেহৰিক-ই-তালিবান পাকিস্তানৰ ৫৪ জন সন্ত্রাসবাদীক গুলীয়াই হত্যা

পাকিস্তানত সুৰক্ষা বাহিনীৰ লোকে নিষিদ্ধ ঘোষিত তেহৰিক-ই-তালিবান পাকিস্তানৰ ৫৪ জন সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে। সেনা বাহিনীৰ তথ্য অনুসৰি এই সন্ত্ৰাসবাদী কেইজন পাকিস্তান- আফগানিস্তান সীমান্তৰে উত্তৰ-পশ্চিম পাকিস্তানৰ খেইবৰ পাখতুনখাৱাত আক্ৰমণ চলোৱাৰ চেষ্টা কৰিছিল। আন্তঃসেৱা জনসংযোগৰ বিবৃতি অনুসৰি যোৱা ২৫ৰ পৰা ২৭ এপ্ৰিলৰ মাজনিশা উত্তৰ ৱাজিৰিস্তান জিলাৰ হাছানখেলত নিৰাপত্তাবাহিনীয়ে এটা বৃহৎ সন্ত্ৰাসবাদী গোটৰ গতিবিধি ধৰা পেলায়। সেনা বাহিনীয়ে নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।