ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পাকিস্তানৰ বেলুচিস্তানত জাফৰ এক্সপ্ৰেছ অপহৰণ সন্ত্ৰাসবাদীৰ, ১৫০ৰো অধিক লোকক উদ্ধাৰ, ২৭জন সন্ত্ৰাসবাদী নিহত

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কচ্চি জিলাৰ পৰা বেলুচ লিবাৰেচন আৰ্মীৰ সদস্যই কালি ৪০০ গৰাকীৰো অধিক যাত্ৰীৰ সৈতে অপহৰণ কৰা ৰে’লগাড়ীখনৰ ডেৰশৰো অধিক পণবন্দীক দেশখনৰ সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। সুৰক্ষা বাহিনীৰ অভিযানত জাফৰ এক্সপ্ৰেছ নামৰ ৰে’লগাড়ীখনৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত ২৭ জন সন্ত্রাসবাদী নিহত হৈছে। উদ্ধাৰ কৰা যাত্ৰীসকলক ওচৰৰ মাচ চহৰলৈ লৈ যোৱা হৈছে। চহৰখনত উদ্ধাৰ কৰা যাত্ৰীসকললৈ চিকিৎসা সাহায্য আগবঢ়োৱাৰ বাবে অস্থায়ী হাস্পতাল স্থাপন কৰা হৈছে। ইপিনে, বেলুচ লিবাৰেচন আৰ্মীয়ে সুৰক্ষা বাহিনীৰ অভিযানত সংগঠনটোৰ কোনো সদস্য হতাহত হোৱাৰ বাতৰি অস্বীকাৰ কৰিছে আৰু সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৩০ জন সৈনিকে প্রাণ হেৰুওৱা বুলি দাবী কৰিছে। পণবন্দীসকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে। প্রাপ্ত বাতৰি মতে আত্মঘাতী বোমাৰুৱে একাংশ পণবন্দীক ঢাল হিচাপে ৰাখিছে।