ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পশ্চিম পাকিস্তানৰ বেলুচিস্তানত আই ই ডি বিস্ফোৰণত পাকিস্তানী অৰ্ধসামৰিক বাহিনীৰ ১০জন লোক নিহত

পশ্চিম পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত কালি আই ই ডি বিস্ফোৰণত পাকিস্তানী অৰ্ধসামৰিক বাহিনীৰ ১০ জন লোক নিহত হয় বুলি বেলুচ লিবাৰেছন আর্মীয়ে দাবী কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি অৰ্ধসামৰিক বাহিনীৰ বাহনখন কোৱেট্টাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ মাৰ্গট চৌকৰ পথৰ দাঁতিত সংস্থাপিত বোমাত খুন্দা মৰাৰ ফলত এই বিস্ফোৰণ সংঘটিত হয়। বেলুছ লিবাৰেছন আর্মীয়ে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি পাকিস্তানী সেনাৰ বিৰুদ্ধে এনে অভিযান অব্যাহত থাকিব বুলি ভাবুকি দিছে। ইয়াৰ এদিন পূৰ্বে বেলুচিস্তানৰ কালাট জিলাত পথৰ দাঁতিত সংস্থাপিত বোমাৰ বিস্ফোৰণ ঘটি তিনিজন লোকৰ মৃত্যু হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।