ডাউনলোড
মোবাইল এপ

android apple
signal

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৩৬টা স্থানত বৃহস্পতিবাৰে পুৱতি নিশাৰে পৰা শক্তিশালী কামান আৰু প্ৰায় ৪০০টা ড্রোনেৰে আক্রমণ পাকিস্তানৰ

পাকিস্তানে বৃহস্পতিবাৰে পুৱতি নিশাৰে পৰা দেশৰ পশ্চিম অংশৰ জম্মু আৰু কাশ্মীৰৰ লে’হৰ পৰা গুজৰাটৰ চাৰ ক্ৰিকলৈকে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৩৬টা স্থানত শক্তিশালী কামান আৰু প্ৰায় ৪০০টা ড্রোনেৰে আক্রমণ চলায়। ভাৰতীয় সশস্ত্র বাহিনীসমূহে ইয়াৰে বহুকেইটা ড্রোন ধ্বংস কৰিবলৈ সমৰ্থ হয়। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা বিশেষ কথা-বতৰাত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্র কর্ণেল ছোফিয়া কুৰেশ্বিয়ে কয়, যে পাকিস্তানী সেনাই সামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি সমগ্ৰ পশ্চিম সীমান্তত কেইবাবাৰো ভাৰতীয় বায়ু সীমা উলংঘা কৰিছে। তেওঁ লগতে কয়, যে অকল এয়াই নহয়, নিয়ন্ত্রণ ৰেখাতো পাকিস্তানে শক্তিশালী অস্ত্ৰ-শস্ত্ৰৰে আক্ৰমণ কৰিছে। তেওঁ কয়, যে পাকিস্তানৰ ফালৰ পৰা একেৰাহে কৰা এই আক্ৰমণৰ উদ্দেশ্য হৈছে ভাৰতৰ বায়ু প্রতিৰক্ষা প্রণালী পৰীক্ষা কৰা আৰু চোৰাংচোৱা তথ্য সংগ্ৰহ কৰা। এই ড্রোনসমূহৰ ফৰেনছিক পৰীক্ষা কৰি থকা হৈছে আৰু প্ৰাৰম্ভিক তথ্য অনুসৰি সেইসমূহ তুৰস্কত তৈয়াৰ কৰা ড্রোন বুলি ঠাৱৰ কৰা হৈছে। উইং কমাণ্ডাৰ ব্যোমিকা সিঙে কয়, যে পাকিস্তানী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয়ে সেনাইও পাকিস্তানৰ চাৰিটাকৈ বায়ু প্ৰতিৰক্ষা স্থানত ড্রোনেৰে আক্ৰমণ কৰে আৰু ইয়াৰে এটা ড্রোনে দেশখনৰ এ ডি ৰাডাৰ ধ্বংস কৰিবলৈ সমৰ্থ হয়। তেওঁ কয়, যে পাকিস্তানে তোপ আৰু শক্তিশালী অস্ত্র-শস্ত্রৰে নিয়ন্ত্রণ ৰেখাত কেইবাবাৰো চলোৱা আক্ৰমণত সেনাবাহিনীৰ কেইবাগৰাকীও জোৱান হতাহত হৈছে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ আক্ৰমণত পাকিস্তানী সেনাৰো ব্যাপক ক্ষতি হৈছে। উইং কমাণ্ডাৰ ব্যোমিকা সিঙে কয়, যে এই আক্রমণ-প্রত্যাক্রমণৰ পৰিস্থিতি সত্ত্বেও পাকিস্তানে ইয়াৰ অসামৰিক বিমানসেৱা বন্ধ কৰা নাই। তেওঁ অসামৰিক বিমান সেৱাক ঢাল হিচাপে ব্যৱহাৰ কৰাৰ বাবে পাকিস্তানক সমালোচনা কৰে।

সংবাদমেলত বিদেশ সচিব বিক্রম মিশ্ৰীয়ে কয়, যে পাকিস্তানে এই আক্ৰমণৰ কথা অস্বীকাৰ কৰাটোৱে দেশখনৰ দুমুখীয়া স্থিতিৰ আন এটা উদাহৰণ। গুৰুদ্ৱাৰ আৰু মন্দিৰকে ধৰি উপাসনাস্থলীসমূহক লক্ষ্য কৰি কৰা আক্ৰমণৰ বাবে পাকিস্তানক সমালোচনা কৰি শ্ৰী মিশ্ৰীয়ে এনে কাৰ্যই দেশখনক আৰু অধিক নিম্ন পর্যায়লৈ লৈ যোৱা বুলি অভিহিত কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি বিদেশ সচিবগৰাকীয়ে কয়, যে বর্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নানকানাচাহিব সংযোগী কাৰ্টাৰপুৰ কৰিড’ৰ সাময়িকভাৱে বন্ধ কৰা হৈছে। পাকিস্তানলৈ আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ বিত্তীয় পেকেজ সন্দৰ্ভত শ্রীমিশ্রীয়ে কয়, যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ বৈঠকত নিজৰ স্থিতি তথা শেহতীয়া ঘটনাৱলী দাঙি ধৰিব। তেওঁ কয়, যে এই ক্ষেত্ৰত আই এম এফৰ সদস্যসকলে অন্তিম তথা চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক