ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ আশা প্ৰকাশ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফৰ

♦ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফে ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হ’ব বুলি আশা প্ৰকাশ কৰিছে। ইছলামাবাদৰ সংসদ ভৱনৰ বাহিৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সুকীয়া পৃষ্ঠভূমি আছে। অৱশ্যে নিৰ্বাচনৰ পাছতহে এই সম্পর্ক উন্নত কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে পাকিস্তানে প্রায় উদ্যোগৰ দৰে সন্ত্ৰাসবাদৰো পৃষ্ঠপোষকতা কৰা বুলি আৰু ভাৰত বৰ্তমান সন্ত্ৰাসবাদীক আওকান কৰাৰ পক্ষপাতী নহয় বুলি মন্তব্য কৰাৰ কেইদিনমানৰ পাছতে পাকিস্তানৰ প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে এইদৰে বক্তব্য দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।