ডাউনলোড
মোবাইল এপ

android apple
signal

পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত শ্বহীদ মণিপুৰৰ দীপক চিমনগাখামৰ শেষকৃত্য সামৰিক মৰ্যাদাৰে সম্পন্ন

পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত শ্বহীদ হোৱা মণিপুৰৰ দীপক চিমনগাখাম নামৰ জোৱানজনৰ শেষকৃত্য কালি সামৰিক মৰ্যাদাৰে ইম্ফলত সম্পন্ন কৰা হয়। ইম্ফললৈ জোৱানগৰাকীৰ নশ্বৰদেহ অনাৰ পাছত বীৰ টিকেন্দ্ৰজিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শ্বহীদৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰা হয়। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ উপৰি কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু সুৰক্ষা বাহিনীৰ বিষয়াই শ্বহীদ জোৱানগৰাকীক শ্রদ্ধা জ্ঞাপন কৰে। ইয়াৰ পাছতে তেওঁৰ নশ্বৰদেহ থৌবাল জিলাৰ জোৱানগৰাকীৰ গাঁও য়েইৰিপ’ক য়ামবাৰলৈ লৈ গৈ সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বিৰেন সিঙে শ্বহীদ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিছে। ৰাজ্যখনৰ চৰকাৰে শ্বহীদ জোৱানজনৰ পৰিয়াললৈ ১০ লাখ টকাৰ এককালীন সাহায্যও ঘোষণা কৰিছে। উল্লেখযোগ্য যে, যোৱা শনিবাৰে পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীবৰ্ষণত মণিপুৰৰ এই জোৱানজনৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ ৮ জন জোৱান গুলীবিদ্ধ হৈছিল। দেওবাৰে চিকিৎসাধীন অৱস্থাত মণিপুৰৰ এই জোৱানজনে শেষ নিশ্বাস ত্যাগ কৰে। দীপক চিমনগাখাম সীমান্ত সুৰক্ষা বাহিনীৰ ৭ নম্বৰ বেটেলিয়নত কনিষ্টবল হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে ভাৰত-পাকিস্তানৰ এই সংঘৰ্ষত সেনা বাহিনীৰ ৫ জোৱান শ্বহীদ হৈছে।

অধিক পঢ়ক

সকলো চাওক