পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে আজি ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰে। ধৃত কুলেন্দ্ৰ শৰ্মাই দেশৰ প্ৰতিৰক্ষা বিভাগৰ অতি স্পৰ্শকাতৰ নথিপত্ৰ আৰু তথ্য সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱাক প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে অভিযুক্ত লোকজনৰ লেপটপ আৰু মোবাইল জব্দ কৰি পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে অভিযুক্ত লোকজনে ২০০২ চনত বায়ু সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত লোকজনে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেকট্রনিক বিভাগত কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰে বুলি শোণিতপুৰৰ উপ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে।
Site Admin | December 13, 2025 9:16 PM | pakistan arrest tezpur
পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ