অসম আৰক্ষীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সমৰ্থন জনাই মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অভিযান চলাই এই পর্যন্ত ২৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই যোৱা ২৪ ঘণ্টাত ৮ জন লোকক গ্ৰেপ্তাৰ কৰে। গোৱালপাৰা, তামুলপুৰ, ধুবুৰী, শ্রীভূমি, কোকৰাঝাৰ আৰু কামৰূপ জিলা আৰক্ষীয়ে কালি এই লোকসকলক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিপূর্বে অসম আৰক্ষীক দিয়া নিৰ্দেশ অনুসৰি দেশ বিৰোধী মন্তব্য কৰা লোকসকলক ততালিকে গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয়, যে ৰাজ্য চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী শক্তিশালী স্থিতি গ্ৰহণ কৰি আহিছে। একাংশ লোকে ভাৰতবৰ্ষত থাকিও দেশ বিৰোধী মন্তব্য কৰি পৰিৱেশ বিনষ্ট কৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। গোৱালপাৰা আৰক্ষীয়ে কালি নৰ্মেল হক, তামুলপুৰ আৰক্ষীয়ে তাহিব আলী আৰু শ্বেইখ সৰোজ, শ্ৰীভূমি আৰক্ষীয়ে কামালুদ্দিন আৰু আব্দুল মুকিদ, ধুবুৰী আৰক্ষীয়ে ফিৰাজুল ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। কামৰূপ আৰক্ষীয়ে চামচুল হক আৰু কোকৰাঝাৰ আৰক্ষীয়ে ডার্ক কিং নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° শৰ্মাই সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়াৰ লগতে আপত্তিজনক মন্তব্য দেখা মাত্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে।
Site Admin | April 29, 2025 11:14 AM | pahalgam arrest assam
সন্ত্ৰাসবাদী কাৰ্যকলাপক সমৰ্থন জনাই মন্তব্য দিয়া ২৭জন লোকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ
