কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই এই পর্যন্ত ২২ জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ইতিপূর্বে অসম আৰক্ষীক দিয়া নিৰ্দেশ অনুসৰি দেশ বিৰোধী মন্তব্য কৰা লোকসকলক ততালিকে আটক কৰা হৈছে। আজি গোৱালপাৰা আৰক্ষীয়ে নজমুল হক আৰু হানিফ আলী ওৰফে ইমৰাণ হাছিমি নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। দুয়োজন লোকে পাকিস্তান আৰু পহলগামত সংঘটিত আক্রমণক সমৰ্থন কৰি সামাজিক মাধ্যমত বাৰ্তা দিছিল। যুৱক দুজনৰ বিৰুদ্ধে মৰনৈ আৰু মাটিয়া থানাত পৃথকে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়েও আজি পহলগামৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত দেশবিৰোধী মন্তব্য কৰাৰ কাৰণে এজন যুৱকক গ্ৰেপ্তাৰ কৰে। পাকিস্তান সমৰ্থিত উগ্ৰপন্থীৰ বৰ্বৰ কাণ্ডক সমৰ্থন কৰি পোষ্ট দিয়াৰ পৰিপ্ৰেক্ষিতত গোৰীপুৰৰ মাটিয়াবাগ গাঁৱৰ ফিৰাজুল ইছলামক গ্ৰেপ্তাৰ কৰি গৌৰীপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা কৰি আছে। উল্লেখযোগ্য যে কালি বৰপেটা আৰক্ষীয়ে জাৰিফ আলী, কাছাৰ আৰক্ষীয়ে ইমৰান হুছেইন আৰু কমৰুদ্দিন আৰু তামুলপুৰ আৰক্ষীয়ে তাহিব আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ আগেয়ে সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত গুৱাহাটীৰ পৰা ডিম্পল বৰা ওৰফে দধীচি ডিম্পলক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। একেদৰে শ্ৰীভূমি জিলাৰ কালিগঞ্জৰ পৰা মুস্তাক আহমেদ ওৰফে ছাহিল হক নামৰ যুৱক এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়াৰ লগতে আপত্তিজনক মন্তব্য দেখা মাত্রেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে।
Site Admin | April 28, 2025 8:31 PM | pahalgam arrest
কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া ২২জন লোকক আটক
