ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰে। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই তিনিটা পৰ্যায়ত প্রদান কৰা হয়। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে প্ৰথম পৰ্যায়ত আজি এই বঁটাসমূহ প্ৰদান কৰা হয়। আজি পদ্ম বিভূষণ বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত ভায়লিনবাদক তথা সুৰকাৰ ড০ এল সুব্রমনিয়ম আৰু গেষ্ট্ৰ’এণ্ট্ৰে’লজিষ্ট ডা০ নাগেশ্বৰ ৰেড্ডী আছে। পদ্মভূষণ বঁটা লাভ কৰা বশিষ্ট ব্যক্তিসকলৰ ভিতৰত বিশিষ্ট সম্পাদক আৰু প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন অধ্যক্ষ এ সূৰ্য প্ৰকাশ চলচ্চিত্র অভিনেতা অনন্ত নাগ, নন্দামুৰী বালাকৃষ্ণ আৰু এছ অজিত কুমাৰ, ভাৰত নাট্যম নৃত্যশিল্পী শ্ব’বনা চন্দ্ৰকুমাৰ আৰু ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক পি আৰ শ্ৰীজেছ আছে। বিশিষ্ট গজল গায়ক পংকজ উধাছক মৰণোত্তৰভাৱে প্ৰদান কৰা এই বঁটা তেওঁৰ পত্নীয়ে গ্ৰহণ কৰে। অসমৰ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো আৰু ডিমা হাচাও জিলাৰ প্ৰবীণ লোকসংগীত শিল্পী জয়নাচৰণ বাথাৰীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। পদ্মভূষণ বঁটা লাভ কৰা সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক নৃত্যাচার্য যতীন গোস্বামীক পৰৱৰ্তী পৰ্যায়ত এই বঁটা প্ৰদান কৰা হ’ব ।
Site Admin | April 28, 2025 8:34 PM | padma award murmu
ৰাষ্ট্ৰপতি ভৱনত দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ
