ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 28, 2025 12:37 PM | Padma award

printer

আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান সমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰিব। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ তিনিটা পৰ্যায়ত প্ৰদান কৰা হয়— পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয়। এই বছৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰকাৰে ১৩৯টা পদ্ম বঁটা ঘোষণা কৰিছিল। য’ত ৭টা পদ্ম বিভূষণ, ১৯টা পদ্মভূষণ আৰু ১১৩ পদ্মশ্ৰী বঁটা আছে। পদ্ম বিভূষণ বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত ভায়লিনবাদক তথা সুৰকাৰ ড° এল সুব্রমনিয়ম আৰু গেষ্ট এণ্ট্ৰ’লজিষ্ট ডা° নাগেশ্বৰ ৰেড্ডী আছে। পদ্মভূষণ বঁটা লাভ কৰা বশিষ্ট ব্যক্তিসকলৰ ভিতৰত বিশিষ্ট সম্পাদক আৰু প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন অধ্যক্ষ এ সূর্য প্রকাশ, চলচ্চিত্র অভিনেতা অনন্ত নাগ, নন্দামুৰী বালাকৃষ্ণ আৰু এছ অজিত কুমাৰ, ভাৰত নাট্যম নৃত্যশিল্পী শ্ব’বনা চন্দ্ৰকুমাৰ আৰু ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক পি আৰ শ্রীজেছ আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।