ডাউনলোড
মোবাইল এপ

android apple
signal

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১৮-২৫ জুলাইলৈ দক্ষিণ আফ্রিকা ভ্ৰমণ কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১৮ৰ পৰা ২৫ জুলাইলৈ দক্ষিণ আফ্রিকা ভ্ৰমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ১৮ৰ পৰা ২২ জুলাইলৈ তেওঁ ইশ্বাতিনী আৰু লেচ’থ’ দেশ দুখন ভ্রমণ কৰিব। এই ভ্ৰমণকালত তেওঁ ইশ্বাতিনীৰ ৰজা মাশ্বাতি তিনি আৰু দেশখনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব। তেওঁ লগতে ইশ্বাতিনীৰ বিদেশমন্ত্ৰীৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত বিষয়ত বৈঠকত মিলিত হোৱাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। এই ভ্রমণকালত বাণিজ্য আৰু বিনিয়োগ, সক্ষমতা বিকাশ, উন্নয়ন সহযোগিতা, দক্ষতা নিৰ্মাণ, অংশীদাৰিত্বৰ বিকাশ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ দিশত গুৰুত্ব আৰোপ কৰা হ’ব। শ্ৰীমাৰ্ঘেৰিটাই ইশ্বাতিনীত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত আৰু ইশ্বাতিনীৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূর্ণ সম্পর্ক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পাছত তেওঁ লেছ’থ’ত ৰজা লেটছি টিনি আৰু প্ৰধানমন্ত্ৰী ছেমুৱেল মাটেকানেক সাক্ষাৎ কৰিব। তেওঁ লগতে দেশখনৰ বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক মন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ইয়াৰ পাছত শ্ৰীমাৰ্ঘেৰিটাই অহা ২৪ আৰু ২৫ জুলাইত দক্ষিণ আফ্ৰিকাৰ স্কুকুজাত হ’বলগীয়া জি-২০ উন্নয়ন মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণৰ বাবে যোৱা এটা প্রতিনিধি দলক নেতৃত্ব দিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।