গোৱালপাৰা জিলা আয়ুক্ত কার্যালয়ত অনুষ্ঠিত আকাংক্ষিত জিলাৰ পৰ্যালোচনা সভাত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি গোৱালপাৰা জিলা আয়ুক্ত কার্যালয়ত অনুষ্ঠিত আকাংক্ষিত জিলাৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগৰ দ্বাৰা আকাংক্ষিত জিলা হিচাপে তালিকাভুক্ত হোৱা গোৱালপাৰা জিলাত বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত লোৱা পদক্ষেপ সম্পর্কে সভাখনত পৰ্যালোচনা কৰা হয়। সভাত মন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই গোৱালপাৰা জিলাত কেন্দ্ৰীয় চৰকাৰে কোনো প্রকল্প বা কেন্দ্ৰীয় চৰকাৰৰ আংশিক বিনিয়োগ থকা কোনো প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সন্মুখীন হৈ আছে তেন্তে সেই বিষয়ে এখন প্রতিবেদন প্রস্তুত কৰি দাখিল কৰিবলৈ গোৱালপাৰা জিলা প্ৰশাসনক নির্দেশ দিয়ে। সেই প্রতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ লগত যোগাযোগ কৰি মন্ত্ৰীগৰাকীয়ে তেনে প্রকল্প ৰূপায়ণৰ পথ প্রশস্ত কৰিব বুলি সভাত উল্লেখ কৰে। উল্লেখযোগ্য যে ২০১৮ চনত সামগ্রিক বিকাশৰ মানৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে তালিকাভুক্ত কৰা দেশৰ ১১২খন আকাংক্ষিত জিলাৰ ভিতৰত গোৱালপাৰা জিলাও অন্তৰ্ভুক্ত কৰা হৈছিল। সেই অনুসৰি নীতি আয়োগৰ নিৰ্দেশনাত জিলা প্রশাসনে শিক্ষা, স্বাস্থ্য আৰু পুষ্টি, কৃষি, প্ৰাথমিক আন্তঃগাঁথনি আদিৰ ক্ষেত্ৰত উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। গোৱালপাৰা জিলা উন্নয়ন আয়ুক্তই আঁত ধৰা আজিৰ পৰ্যালোচনা সভাখনত গোৱালপাৰা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, সহকাৰী আয়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালককে ধৰি কৃষি, সমাজ কল্যাণ বিভাগ, লোকনির্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।