October 3, 2025 12:46 PM | Pabitra Margherita

printer

মস্কোত ৱেষ্ট অব্ ইণ্ডিয়া- ভাৰতীয় বস্ত্ৰ আৰু সাজ পোছাক মেলা উদ্বোধন পৱিত্ৰ মাৰ্ঘেৰিটাৰ

ৰাছিয়া ভ্ৰমণৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কালি মস্কোত ৱেষ্ট অব্ ইণ্ডিয়া- ভাৰতীয় বস্ত্ৰ আৰু সাজ পোছাক মেলা উদ্বোধন কৰে। এই মেলাত ভাৰতৰ শতাধিক বস্ত্ৰ উদ্যোগীয়ে উৎপাদন কৰা বস্ত্ৰ ৰাছিয়াৰ ১০ সহস্ৰাধিক বস্ত্ৰ ব্যৱসায়ীয়ে প্ৰত্যক্ষ কৰে। এই মেলাত কেইবাখনো বাণিজ্যিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ মস্কোত ভাৰতীয় দূতাৱাসত প্ৰৱাসী ভাৰতীয়ৰ সৈতে অনুষ্ঠানতো অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰৱাসী অসমীয়া আৰু মস্কোৰ স্থায়ী বাসিন্দাই জুবিন গাৰ্গৰ মৃত্যুত শ্রদ্ধা নিবেদন কৰি মায়াবিনী ৰাতিৰ বুকুত গীতটো পৰিৱেশন কৰে।