ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 21, 2025 8:40 PM | Pabitra magahrita

printer

চৰকাৰে গোলকীয় দক্ষিণ আৰু উত্তৰৰ ৩০খনতকৈও অধিক দেশৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিছে – পৱিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰে গোলকীয় দক্ষিণ আৰু উত্তৰৰ ৩০খনতকৈও অধিক দেশৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিছে। ৰাজ্যসভাত লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ উপৰিও চৰকাৰে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰিবলৈ বিভিন্ন বৈদেশিক নীতি গ্রহণ কৰিছে। ইয়াৰ ভিতৰত প্ৰতিবেশী প্রথম নীতি, এক্ট ইষ্ট পলিচী অন্যতম। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বজাৰ প্ৰবেশৰ পৰিসৰ বৃদ্ধিৰ জৰিয়তে দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰাৰ লক্ষ্যৰে মূলতঃ মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰাৰ ক্ষেত্ৰতো চৰকাৰে বিবেচনাপূর্ণ পন্থা গ্রহণ কৰিছে। শ্রীমাৰ্ঘেৰিটাই কয় যে ২০৪৭ৰ বিকশিত ভাৰতৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি সমগ্ৰ বিশ্বত বসবাস কৰা ভাৰতীয়সকলৰ মংগল আৰু প্ৰগতি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আৰু জাতীয় স্বার্থক সুৰক্ষিত কৰাত ভাৰতৰ বৈদেশিক নীতিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।