কেন্দ্রীয় ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটত বিকশিত ভাৰত জি ৰামজী আইন সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। এই আইনে শ্রমিকসকলক পূৰ্বৰ ১০০ দিনৰ পৰিৱৰ্তে ১২৫ দিনৰ নিয়োগ নিশ্চিতি প্রদান কৰিব। নতুন আইনখনৰ অধীনত খেতিৰ বতৰত কৃষি কাৰ্য্যকো সাঙুৰি লোৱা হ’ব আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে সমগ্ৰ প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰি তোলা হ’ব। ইয়াৰ উপৰি গ্ৰামাঞ্চলৰ দীর্ঘকালীন সমৃদ্ধিত সহায় হোৱাকৈ স্থায়ী সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ’ব। জনসাধাৰণৰ প্ৰত্যক্ষ অংশীদাৰিত্ব, স্বচ্ছ প্রশাসন ব্যৱস্থা আৰু গ্ৰামাঞ্চলৰ সম্পদ গঢ় দিয়াৰ লক্ষ্যৰে এই আইন ৰূপায়ণ কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে আজি এই আইনৰ ৰূপায়ণৰ বিভিন্ন দিশ সম্পর্কে সাংবাদিকক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে আজি যোৰহাট কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক ভবিষ্যৎ গঢ়াৰ বাবে আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। এই মত বিনিময় অনুষ্ঠানত জিলা আয়ুক্ত জয় শিৱানী আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্রজ্যোতি বৰা উপস্থিত থাকে।
Site Admin | January 22, 2026 7:42 PM | Jorhat
বিকশিত ভাৰত জি ৰামজী আইন সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল সম্বোধন