আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যত হাতী ছাফাৰী আৰম্ভ হৈছে। যোৱা ২৩ অক্টোবৰত কৰ্তৃপক্ষই পবিতৰা অভয়াৰণ্যত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰিছিল। এটা খৰ্গ গঁড়ৰ বিচৰণভূমি পবিতৰা ২০২৫-২৬ পর্যটন বর্ষ কিছু পলমকৈ আৰম্ভ কৰা হৈছে। অভয়াৰণ্যখনৰ বিধস্ত বাট-পথ মেৰামতিৰ পাছতহে পৰ্যটকৰ বাবে কর্তৃপক্ষই জীপ ছাফাৰী মুকলি কৰি দিছে। উল্লেখযোগ্য যে অভয়াৰণ্য কৰ্তৃপক্ষৰ পৰা পোৱা তথ্য অনুসৰি বিগত ২০২৪-২৫ পর্যটন বর্ষত ৩৪ হাজাৰ ৩৯০ গৰাকী দেশী-বিদেশী পর্যটকৰ পবিতৰালৈ আগমন ঘটিছিল। এই বর্ষত পৰ্যটকৰ পৰা ৬১ লাখ ২৬ হাজাৰ ৪২৫ টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছিল বুলি অভয়াৰণ্য কর্তৃপক্ষই জানিবলৈ দিয়ে।
Site Admin | November 12, 2025 12:39 PM | Pabitora
আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যত হাতী ছাফাৰী আৰম্ভ