ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 24, 2025 12:36 PM | Pabitora

printer

২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্য মুকলি

 পবিতৰা অভয়াৰণ্য কালি ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে মুকলি কৰা হয়। বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে অভয়াৰণ্যখন আনুষ্ঠানিকভাবে মুকলি কৰে। অভয়াৰণ্যখন মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রী পাটোৱাৰীয়ে এইবাৰৰ পৰ্যটন বৰ্ষত পবিতৰালৈ পূৰ্বৰ দৰে পৰ্যটকৰ আগমন হব বুলি আশা প্রকাশ কৰে। তেওঁ লগতে পবিতৰাৰ বন্যপ্ৰণী আৰু উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা প্ৰকল্প স্থানীয় ৰাইজৰ সহযোগিতাৰে ৰূপায়ণ কৰা হব বুলি উল্লেখ কৰে। পর্যটকসকলে এতিয়াৰে পৰা অভয়াৰণ্যখনত জীপ আৰু হাতী চাফাৰি কৰিব পাৰিব।