পবিতৰা অভয়াৰণ্য আজি পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ‘ব। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে বুলি অভয়াৰণ্যখনৰ মাণ্ডলিক বিষয়া প্রাঞ্জল বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অভয়াৰণ্যখন মুকলি কৰাৰ লগে লগে পর্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰিব পাৰিব। উল্লেখযোগ্য যে ১৯৯৮ চনত পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু ৰজামায়ং পাহাৰ সংৰক্ষিত বনাঞ্চলৰ একত্ৰীকৰণ কৰি পবিতৰা অভয়াৰণ্যখন গঠন কৰা হৈছিল। বিশ্বৰ ভিতৰত কম আয়তনত সর্বাধিক গঁড় থকা অভয়াৰণ্যখনৰ দ্বাৰ বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। উল্লেখযোগ্য যে ১১০টা গঁড় থকা অভয়াৰণ্যখনত শীতৰ আগমনৰ লগে লগে দেশী-বিদেশী বহু পৰিভ্ৰমী চৰায়ে বাহ লোৱা বুলি কর্তৃপক্ষই জানিবলৈ দিছে। উদ্যানখনত ২০২২ চনত কৰা পিয়ল অনুসৰি ২২টা প্ৰজাতিৰ স্তন্যপায়ী প্রাণী, ২৭টা প্ৰজাতিৰ সৰীসৃপ, ৯টা উভচৰ প্ৰজাতিৰ প্ৰাণী, ৪১বিধ মাছ আৰু ৩৭৫টা প্ৰজাতিৰ চৰাই আছে। গঁড়ৰ উপৰি অভয়াৰণ্যখনৰ ঘাঁহনি, অৰণ্য আৰু জলাশয়ত নাহৰ ফুটুকী, বনৰীয়া ম‘হ, বনৰীয়া গাহৰি আৰু হৰিণৰ কেইবাটাও প্রজাতি পোৱা যায়।
Site Admin | October 23, 2025 11:33 AM | Pabitora
আজিৰ পৰা পবিতৰা অভয়াৰণ্য পুনৰ পৰ্যটকৰ বাবে মুকলি
