ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 28, 2025 12:28 PM | P. bordoloi

printer

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ ওপৰত একাংশ দুৰ্বৃত্তৰ আক্রমণ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে কালি নগাঁও জিলাৰ ধিঙৰ ওপৰ ডুমডুমীয়াত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ ওপৰত একাংশ দুৰ্বৃত্তই আক্রমণ সংঘটিত কৰে । দুয়োগৰাকী নেতাই ডুমডুমীয়াৰ শুইছ গেটত বালিসত্ৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ সভাত অংশ লৈ ধিং অভিমুখে আহি থকা অৱস্থাত এটা ১৫ জনীয়া দুর্বৃত্তৰ দলে তেওঁলোকক আক্ৰমণ কৰে। মুখত কলা কাপোৰ বান্ধি অহা দলটোৱে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছৰ মুখপাত্র মহছেন খানৰ দুখন গাড়ী ভাগি চূৰমাৰ কৰে। এই আক্ৰমণত সাংসদগৰাকীৰ লগতে মামাই পেগু, কংগ্ৰেছৰ মুখপাত্র মহছেন খান, বিধায়িকা শিৱামণি বৰাৰ লগতে কেইবাজনো দলীয় কর্মী আহত হয়। পাছত আটাইকেইগৰাকী শলগুৰি উপ- আৰক্ষী চকীত উপস্থিত হৈ বিষয়টো আৰক্ষীক অৱগত কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কেন্দ্রীয় নেতা জিতেন্দ্র সিঙে এই আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।