দেশত প্ৰায় ৫৯ হাজাৰটা ৱাকফ সম্পত্তি দখলঃ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী কিৰেণ ৰিজিজুৱে দেশত প্ৰায় ৫৯ হাজাৰটা ৱাকফ সম্পত্তি দখল হোৱা বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে ৱাকফ আইনৰ বিভিন্ন ধাৰা অনুসৰি ৰাজ্যিক ৱাকফ ব’র্ডৰ মুখ্য কাৰ্যবাহী বিষয়াই ৱাকফ সম্পত্তিৰ দখলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। তেওঁ কয়, যে আইনখনত ৱাকফ সম্পত্তিৰ বিক্ৰী, বিনিময়, বন্ধক বা হস্তান্তৰ আৰম্ভণিৰে পৰা অবৈধ বুলি উল্লেখ আছে। ৱাকফ সম্পত্তি সম্পৰ্কীয় বিভিন্ন অভিযোগ সঠিক ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যিক ৱাকফ ব’র্ড আৰু ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।