কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত পাঁচখন নতুন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নতুন জিলাকেইখন হৈছে জানছকাৰ, ড্ৰাছ, শাম, নোব্ৰা আৰু চাংথাং। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰি কয় যে প্রধানমন্ত্ৰী মোদীৰ উন্নত আৰু সমৃদ্ধিশালী লাডাখ নিৰ্মাণৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শাসিত অঞ্চলটোত ৫খন নতুন জিলা গঠনৰ বাবে গৃহ মন্ত্ৰ্যালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন জিলা সমূহে প্ৰতিটো কোণৰে শাসন ব্যৱস্থা শক্তিশালী কৰি জনসাধাৰণৰ বাবে নিৰ্ধাৰিত সুবিধাসমূহ সম্পূৰ্ণ ৰূপে গ্ৰহণ কৰাত সমৰ্থ হ’ব বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে চৰকাৰ লাডাখবাসীৰ বাবে প্ৰচুৰ সুযোগ সৃষ্টিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইপিনে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে লাডাখৰ নতুন ৫খন জিলা গঠনৰ সিদ্ধান্তক আদৰণি জনাইছে। প্রধানমন্ত্ৰীয়ে উন্নত শাসন আৰু সমৃদ্ধিৰ দিশত এয়া এটা পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ লগতে ৫খন জিলা এতিয়াৰ পৰা অধিক গুৰুত্ব লাভ কৰাৰ ফলত সেৱা আৰু সুযোগসমূহ জনসাধাৰণৰ অধিক কাষ চাপিব বুলিও প্ৰকাশ কৰে ।
Site Admin | August 26, 2024 6:44 PM | Our Govt is Committed to Making India a Drug-Free Nation Home Minister Amit Shah
কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত ৫খন নতুন জিলা গঠনৰ সিদ্ধান্ত
