কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি কয় যে চৰকাৰে ভাৰতক এখন ড্ৰাগছমুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে দৃঢ়ভাৱে কাম কৰি আছে আৰু চৰকাৰ এই লক্ষ্যত উপনীত হোৱাৰ দিশত আগবাঢ়িছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্ৰীশ্বাহে কয় যে চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত ‘তলৰ পৰা ওপৰলৈ আৰু ওপৰৰ পৰা তললৈ পদ্ধতি’ৰ সৈতে সমন্বয়েৰে আগবাঢ়িছে। তেওঁ কয় যে ড্ৰাগছৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতিৰ অধীনত ড্ৰাগছ আসক্তি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰাগছ কেৱল ব্যক্তিৰ বাবেই নহয়, সমাজ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবেও এক প্ৰত্যাহ্বান। তেওঁ লগতে কয় যে ড্ৰাগছ মুক্ত ভাৰত গঢ়ি তোলাটো চৰকাৰৰ প্ৰধান অগ্ৰাধিকাৰসমূহৰ ভিতৰত অন্যতম।
Site Admin | June 27, 2024 11:58 AM | Our Govt is Committed to Making India a Drug-Free Nation Home Minister Amit Shah
চৰকাৰে ভাৰতক এখন ড্ৰাগছমুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে দৃঢ়ভাৱে কাম কৰি আছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ
