ডাউনলোড
মোবাইল এপ

android apple
signal

September 16, 2025 1:04 PM | Orunodoi

printer

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় অহা ২৫ ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে মুকলি

 বুনিয়াদি অর্থনীতি সৱলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় অহা ২৫ ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সেইদিনা দিনৰ চাৰে ১০ বজাত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কৰিব। এই উপলক্ষে ৰাজ্যৰ ২৫ হাজাৰৰো অধিক ভোটগ্রহণ কেন্দ্ৰত একে সময়তে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰে ১৭ ছেপ্তেম্বৰত এই আঁচনি মুকলি কৰাৰ কথা আছিল যদিও আঁচনিখনৰ তৃতীয় পৰ্যায়ৰ মুকলিৰ দিন ২৫ ছেপ্তেম্বৰলৈ পিছুৱাই দিয়া হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা দেওবাৰে অন্যান্য মন্ত্ৰীসকলৰ সৈতে মিলিত হোৱা এখন বৈঠক এই বিষয়ে আলোচনা কৰে। অৰুণোদয়ৰ তৃতীয় পৰ্যায়ত মুঠ ৩৮ লাখ পৰিয়ালক সামৰি লোৱা হ’ব। অৱশ্যে ইয়াৰ ভিতৰত কেইবালাখ পুৰণি হিতাধিকাৰীও আছে। পূর্বে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা মহিলায়ো এই আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিবলগীয়া হৈছে। ইপিনে, ৰাজ্য চৰকাৰে ঘোষণা কৰা প্ৰেৰণা আঁচনিৰ জৰিয়তে অহা ১ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে মাহে ৩০০ টকাকৈ জলপানি লাভ কৰিব। এই আঁচনিয়ে চি বি এছ ইৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱা আদৰ্শ বিদ্যালয়সমূহকো সামৰি ল’ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আৰু চি বি এছ ইৰ অধীনত দশম শ্ৰেণীৰ বোৰ্ডৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা আৰু আদৰ্শ বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ সামগ্ৰী, পুষ্টিকৰ খাদ্য আদি ক্ৰয় কৰাৰ বাবে চৰকাৰে এই জলপানি যোগান ধৰিব। অৱশ্যে চৰকাৰৰ এই আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীসকলৰ বিদ্যালয়ত উপস্থিতিৰ হাৰ ৭৫ শতাংশ হ’ব লাগিব। অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰতৰ শিক্ষাৰ্থীসকলে এই জলপানিৰ বাবে আবেদন কৰিব পাৰিব ৷