পশ্চিমবংগৰ চল্টলেকৰ যুৱ ভাৰতী ক্রীড়াংগনত আয়োজিত লিঅ’নেল মেছিৰ কাৰ্যসূচীত বিশৃংখল পৰিস্থিতি, আয়োজক শতদ্রু দত্তক গ্ৰেপ্তাৰ

পশ্চিমবংগৰ চল্টলেকৰ যুৱ ভাৰতী ক্রীড়াংগনত আজি আয়োজিত লিঅ’নেল মেছিৰ কাৰ্যসূচীত সংঘটিত বিশৃংখল পৰিস্থিতিৰ পাছত অনুষ্ঠানটোৰ আয়োজক শতদ্রু দত্তক আৰক্ষীয়ে দুঘণ্টা ধৰি সোধা-পোছা কৰাৰ পাছত গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক আৰু অতিৰিক্ত সঞ্চালকপ্রধান জাভেদ শামিমে ষ্টেডিয়ামখনত হোৱা হুলস্থূলীয়া পৰিস্থিতি সন্দৰ্ভত প্রাথমিক অনুসন্ধান চলাই থকা হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে কয়, যে বর্তমান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিছে। দৰ্শকসকলক ঘৰলৈ ঘূৰি যোৱাত সহায় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে টিকটৰ মূল্য ঘূৰাই দিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ প্ৰকাশ কৰে ৷ ইয়াৰ পূৰ্বে ৰাজ্যপাল ড০ চি বি আনন্দ বসুৱে পশ্চিমবংগ চৰকাৰক যুৱ ভাৰতীয় ক্রীড়াংগনত আয়োজিত অনুষ্ঠানৰ আয়োজকসকলৰ লগতে সহযোগীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছিল। এই ঘটনাত ক্ষোভ প্রকাশ কৰি ৰাজ্যপালগৰাকীয়ে আজিৰ দিনটো কলকাতাৰ ক্ৰীড়া প্ৰেমীসকলৰ বাবে এটা ক’লা দিন বুলি আখ্যা দিয়াৰ লগতে দৰ্শকসকলক টিকটৰ মূল্য ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে। ইপিনে ৰাজ্য চৰকাৰে এই অনুষ্ঠানত হোৱা বিশৃংখলতাৰ তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীস অসীম কুমাৰ ৰয়ৰ নেতৃত্ব এখন অনুসন্ধান সমিতি গঠন কৰি দিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে এই ঘটনাটোৰ বাবে দুখ তথা আশ্চৰ্য প্ৰকাশ কৰি জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰে। কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী তথা বিজেপি নেতা ড০ সুকান্ত মজুমদাৰে ৰাজ্য চৰকাৰক এই ঘটনাৰ বাবে সমালোচনা কৰাৰ লগতে প্ৰশাসনিক বিফলতাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ কয়, যে মেছিৰ বহু অনুৰাগীয়ে প্ৰখ্যাত ফুটবল তাৰকাগৰাকীক এবাৰ চোৱাৰ বাবে টিকট ক্ৰয় কৰিছিল যদিও প্রশাসনিক বিফলতাৰ বাবে মেছি ঘূৰি যাবলগীয়া হ’ল। উল্লেখযোগ্য যে যোৱা নিশা ফুটবল তাৰকাগৰাকী কলকাতাত উপস্থিত হোৱাৰ পাছত আজি তেওঁ ষ্টেডিয়ামলৈ আহিছিল। অনুৰাগীসকলে ভালকৈ নেদেখাৰ বাবে খেলপথাৰলৈ বটল দলিওৱা লগতে খেলপথাৰলৈ সোমাই অহাত সৃষ্টি হোৱা বিশৃংখল পৰিস্থিতিৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।