ডাউনলোড
মোবাইল এপ

android apple
signal

পাকিস্তানে ড্রোন, ক্ষেপণাস্ত্ৰৰে ভাৰতৰ কেইবাখনো চহৰত চলোৱা আক্ৰমণৰ প্ৰচেষ্টা ব্যর্থ সশস্ত্ৰ বাহিনীৰ

সশস্ত্র বাহিনীসমূহে যোৱানিশা পাকিস্তানে ড্রোন, ক্ষেপণাস্ত্ৰ আৰু অন্য অস্ত্ৰ-শস্ত্ৰৰ সহায়ত দেশৰ উত্তৰ আৰু পশ্চিম অংশৰ কেইবাখনো চহৰক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ প্ৰচেষ্টা ব্যর্থ কৰে। পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত কালি কেইবাবাৰো যুদ্ধ বিৰতি উলংঘা কৰে। সংহত প্ৰতিৰক্ষা ষ্টাফৰ মুখ্য কাৰ্যালয়ত প্ৰকাশ কৰা মতে পাকিস্তানে জম্মু, পাঠানকোট আৰু উধমপুৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ কেইবাটাও ঘাটিক লক্ষ্য কৰি লোৱাৰো চেষ্টা চলায়। জম্মু আৰু কাশ্মীৰৰ পুঞ্চ, ৰাজৌৰি, ভিমবাৰ আদি খণ্ডতো পাকিস্তানী সেনাই গুৰু কামান ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্রীয় সীমাৰ সিপাৰৰ পৰা ভাৰতলৈ লক্ষ্য কৰি গোলাবর্ষণ কৰে। ভাৰতীয় বাহিনীয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। ভাৰতীয় আকাশমার্গ প্ৰতিৰক্ষা প্ৰণালীয়ে এই আক্ৰমণ সফলতাৰে প্ৰতিহত কৰে।  সেনা বাহিনীয়ে কৈছে যে দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা ৰক্ষা কৰিবলৈ ই বদ্ধপৰিকৰ। সকলো কু-অভিসন্ধিৰ সমূচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সেনা বাহিনীয়ে সজোৰে প্ৰকাশ কৰে।

বর্ধিত উত্তেজনাৰ মাজতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি সীমান্ত সুৰক্ষা বাহিনী বি এছ এফৰ সঞ্চালকপ্ৰধানৰ সৈতে কথা পাতে আৰু সীমান্তৰ পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে বিমান বন্দৰৰ সুৰক্ষা সন্দৰ্ভত কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ সঞ্চালকপ্ৰধানৰ সৈতে কথা পাতে।

ইপিনে, বিদেশ সচিব বিক্রম মিশ্রীয়ে কালি নতুন দিল্লীত এখন সংবাদমেলত কয়, যে উত্তেজনা বৃদ্ধি ভাৰতৰ কাম্য নহয় আৰু ভাৰতে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটিসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিদেশ সচিবগৰাকীয়ে কয়, যে যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্রাসবাদী আক্রমণ প্রকৃত অৰ্থত উত্তেজনা বৃদ্ধিৰ প্ৰয়াস আছিল আৰু ভাৰতে ইয়াৰ প্ৰত্যুত্তৰহে দিছে।

সংবাদমেলত কর্ণেল ছ’ফিয়া কুৰেশ্বীয়ে কয়, যে সশস্ত্র বাহিনীসমূহে কালি পাকিস্তানৰ কেইবাটাও স্থানৰ বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু প্ৰণালীক আক্ৰমণৰ লক্ষ্য কৰি লয়। এই আক্ৰমণত লাহোৰৰ বায়ু প্ৰতিৰক্ষা প্ৰণালী ধ্বংস হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।

সংবাদ মেলত বায়ুসেনাৰ উইং কামাণ্ডাৰ বোমিকা সিঙে কয়, যে ভাৰত উত্তেজনা বৃদ্ধি নকৰাৰ প্ৰতি প্রতিশ্রুতিবদ্ধ। পাকিস্তানে ইয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো ইয়াৰ একমাত্ৰ চৰ্ত হ’ব বুলি তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক