ডাউনলোড
মোবাইল এপ

android apple
signal

অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিদেশলৈ যাবলগীয়া ৭টা সর্বদলীয় প্রতিনিধি মণ্ডলৰ প্ৰথমটো গোট আজি ৰাওনা

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া ৭টা সর্বদলীয় প্রতিনিধি মণ্ডলৰ প্ৰথমটো গোট আজি ৰাওনা হ’ব। শিৱসেনাৰ সাংসদ শ্রীকান্ত সিন্দেৰ নেতৃত্বত প্ৰথমটো দলে সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, লাইবেৰিয়া, ডেম’ক্রেটিক ৰিপাব্লিক অব কংগো আৰু চিয়েৰা লিয়ন ভ্ৰমণ কৰিব। জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা আৰু ডি এম কেৰ সাংসদ কানিমুঝি কৰুণানিধিৰ নেতৃত্বত আন দুটা দল কাইলৈ ৰাওনা হ’ব। সঞ্জয় ঝাৰ নেতৃত্বৰ প্ৰতিনিধি দলটোৱে ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ কৰাৰ বিপৰীতে কানিমুঝিৰ নেতৃত্বৰ দলটোৱে স্পেইন, গ্ৰীচ, শ্লোভেনিয়া, লাটভিয়া আৰু ৰাছিয়া ভ্ৰমণ কৰিব। এই ১০ দিনীয়া ভ্ৰমণকালত ভাৰতৰ প্ৰতিনিধিসকলে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ সহমতৰ বিষয়ে বিশ্বক অৱগত কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ শক্তিশালী বার্তাও প্ৰেৰণ কৰিব। বিদেশ সচিব বিক্রম মিশ্ৰীয়ে কালি নতুন দিল্লীৰ সংসদ ভৱনত তিনিওটা প্রতিনিধি দলৰ সদস্যসকলৰ বিষয়ে অৱগত কৰে ।

অধিক পঢ়ক

সকলো চাওক