বায়ুসেনাৰ সামৰিক অভিযানৰ সঞ্চালকপ্ৰধান এয়াৰ মাৰ্ছেল এ কে ভাৰতীয়ে কয়, যে সন্ত্রাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধেহে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয়। পাকিস্তানী সেনাই এই ক্ষেত্ৰত হস্তক্ষেপ কৰি ভাৰতীয় সশস্ত্র বাহিনীক প্ৰত্যুত্তৰ দিবলৈ বাধ্য কৰোৱাটো দুখৰ বিষয় বুলি সঞ্চালকপ্রধানগৰাকীয়ে মন্তব্য কৰে। নতুন দিল্লীত কালি অপাৰেচন সিন্দূৰ সন্দৰ্ভত এখন সংবাদমেলত অংশ লৈ এয়াৰ মাৰ্ছেলগৰাকীয়ে সেনা বাহিনীয়ে এই অভিযানৰ সময়ত কেনেদৰে দেশৰ অসামৰিক লোক আৰু সামৰিক আন্তঃগাথনিৰ ক্ষতি পাৰ্যমানে কম কৰে সেই সন্দৰ্ভত সবিশেষ প্রকাশ কৰে। তেওঁ সশস্ত্র সেনা বাহিনীৰ সংহত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰি কয়, যে ইয়াত প্ৰতিৰক্ষা, নৌ আৰু বায়ু সেনাৰ প্ৰতিৰক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত হৈ আছে। পাকিস্তানে বহু সংখ্যক ড্রোন আৰু মানৱবিহীন যুদ্ধ বিমানেৰে আক্ৰমণ কৰাৰ কথা প্ৰকাশ কৰি শ্ৰীভাৰতীয়ে কয়, যে এই আক্রমণক সু-প্রশিক্ষিত বায়ুসেনাৰ জোৱান তথা থলুৱাভাৱে বিকশাই তোলা ছফ্ট আৰু হাৰ্ড কিল কাউণ্টাৰ – ইউ এ এছ ব্যৱস্থাৰে প্রতিহত কৰা হয়। বিগত সপ্তাহত শত্রুপক্ষৰ সৈতে হোৱা সংঘৰ্ষৰ পৰিণতি সন্দৰ্ভত এয়াৰ মাৰ্ছেল গৰাকীয়ে কয়, যে চীনত নির্মিত পাকিস্তানৰ পি এল-15 ক্ষেপণাস্ত্র লক্ষ্যভ্রষ্ট হয় আৰু গোলাবাৰুদ তথা মানৱবিহীন যুদ্ধবিমানো ধ্বংস কৰা হয়। ভাৰতৰ প্রত্যাক্রমণ সন্দৰ্ভত সঞ্চালকপ্ৰধানগৰাকীয়ে নুৰখান আৰু ৰাময়াৰ খান বায়ুসেনা ঘাটিত আক্ৰমণৰ কথা উল্লেখ কৰি কয়, যে ভাৰতে শত্রুপক্ষৰ প্ৰতিটো ক্ষেত্ৰকে লক্ষ্য কৰি লৈছিল। শ্রীভাৰতীয়ে এই অভিযানত সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগিতাৰ প্ৰশংসা কৰে। তেঁও কয় যে তিনিওটা বাহিনীৰ মাজৰ পূৰ্ণ সহযোগিতাই অপাৰেচন সিন্দূৰ সফল হোৱাত সহায় কৰিলে। এই অভিযানৰ প্ৰতি চৰকাৰ, বিভিন্ন বিভাগ আৰু সংস্থাৰ লগতে ১৪০ কোটি ভাৰতীয় নাগৰিকৰ পূৰ্ণ সমর্থন আছিল বুলি শ্রীভাৰতীয়ে প্ৰকাশ কৰে ৷
Site Admin | May 13, 2025 12:39 PM | operation sindoor
সন্ত্রাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধেহে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয়
