মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাটো বিগত ১১ বছৰত কৰা মহানতম সংস্কাৰঃ মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্র সিং

মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাটো বিগত ১১ বছৰত কৰা মহানতম সংস্কাৰ বুলি অভিহিত কৰিছে। আজি নতুন দিল্লীত আয়োজিত দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাৰ ফলত দেশত উদ্ভাৱন আৰু উদ্যমশীলতা নতুন ঢৌৰ সৃষ্টি হৈছে। এসময়ত অকল চৰকাৰৰ নেতৃত্বৰ প্ৰকল্পৰ বাবে সীমিত ভাৰতবৰ্ষত সম্প্রতি শ শ ষ্টার্টআপ প্রতিষ্ঠান আন্তঃগ্রহ অন্বেষণৰ লগতে দৈনন্দিন প্ৰশাসনৰ সম্ভাব্য এপ্লিকেচনৰ সৈতে ন ন প্রযুক্তি বিকশাই তোলাৰ কামত ব্ৰতী হৈ আছে। মহাকাশ খণ্ড সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ মন্ত্ৰৰে আগবাঢ়িছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে সিন্দূৰ অভিযানৰ সময়ত সমগ্ৰ বিশ্বই ভাৰতৰ মহাকাশ আৰু প্রযুক্তিগত সামর্থ প্রত্যক্ষ কৰিছে। শ্ৰী সিঙে কয়, যে দুবছৰ পূৰ্বে ভাৰতৰ চন্দ্ৰযান অভিযানে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল আৰু দেশ এনে কৃতিত্ব আৰ্জন কৰা বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। এই সাফল্যই ভাৰত এতিয়া আৰু অনুসৰণকাৰী ৰাষ্ট্ৰ হৈ নাই বুলি বিশ্বলৈ বাৰ্তা বহন কৰিছে বুলি ড০ সিঙে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে দেশৰ মহাকাশ কাৰ্যসূচী সম্প্ৰতি ৰূপান্তৰকামী পৰ্যায়ত উপনীত হৈছে আৰু প্ৰতিকী সাফল্যত সিমিত হৈ নাথাকি ই দেশৰ বৈজ্ঞানিক প্ৰগতি, প্রযুক্তিগত উদ্ভাৱন আৰু জনকল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ অৱদান আগবঢ়াবলৈ সমৰ্থ হৈছে। অনুষ্ঠানত অংশ লৈ মহাকাশচাৰী গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই কয়, যে গগণযান অভিযান আৰু ভাৰতীয় মহাকাশ কেন্দ্ৰক লৈ দেশ সঠিক দিশত অগ্ৰসৰ হৈছে আৰু চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি সাফল্যও আৰ্জন কৰিছে। এই অভিযানক লৈ জাপান আৰু ইউৰোপৰ মহাকাশ সংস্থাসমূহ উৎসাহী বুলি শ্ৰী শুক্লাই প্ৰকাশ কৰে। তেওঁ কয়, যে মহাকাশ অন্বেষণৰ দিশৰ পৰা বৰ্তমানৰ সময়ছোৱা দেশৰ বাবে সোণালী সময় । ভাৰতৰ গগণযান অভিযানৰ বাবে প্ৰস্তুতি চলাই থকা গ্রুপ কেপ্তেইন প্রশান্ত বলাকৃষ্ণনন নায়াৰ, গ্ৰুপ কেপ্তাইন অজিত কৃষ্ণন আৰু গ্ৰুপ কেপ্তেইন অংগদ প্রতাপেও অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানত ভাগ লৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়াণনে কয়, যে ২০৪০ চনৰ ভিতৰত দেশৰ মহাকাশ কাৰ্যসূচীয়ে বিশ্বৰ যিকোনো দেশৰ মহাকাশ কাৰ্যসূচীৰ সৈতে সমানে সমান ফেৰ মাৰিব পৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।