ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 21, 2025 7:10 PM | ONGC | sivsagar

printer

অ’ এন জি চিৰ ৰীগৰ পৰা গেছ নিগমন ৰোধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত

শিৱসাগৰ জিলাৰ ভটিয়াপাৰত অএন জি চিৰ ৰীগৰ পৰা গেছ নিগমন ৰোধ কৰিবলৈ আজি দশম দিনাও চেষ্টা অব্যাহত আছে। আমেৰিকাৰ পৰা অহা তিনিজন বিশেষজ্ঞই কেপিং পদ্ধতি প্রয়োগেৰে গেছ নিগমন ৰোধ কৰিবলৈ নিৰন্তৰ চেষ্টা চলাই আছে। ইপিনে ফুকন নগৰত থকা এছ কে পেট্ৰৰ মুখ্য কাৰ্যালয়ত বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। আজি প্রতিবাদস্থলীত উপস্থিত হৈ এছ কে পেট্ৰৰ প্ৰতিনিধিৰ দলে বীৰ লাচিত সেনাৰ সৈতে আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। বীৰ লাচিত সেনাই আলোচনা স্বীকাৰ কৰি কেইবাটাও দাবী উত্থাপন কৰে। ১০০ শতাংশ অসমীয়া যুৱক-যুৱতীক মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ লগতে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা বিশ্ব হাজৰিকাৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু চাকৰি দিবলৈ বীৰ লাচিত সেনাই দাবী জনায়। এছ কে পেট্ৰৰ প্ৰতিনিধিসকলে দাবীসমূহ কাৰ্যকৰী কৰাৰ আশ্বাস দিয়ে।