কেন্দ্রীয় বিত্ত মন্ত্রালয়ে নতুনকৈ প্ৰৱৰ্তন কৰা একত্ৰিত পেঞ্চন আঁচনি- UPSৰ পৰা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা- NPSত অন্তৰ্ভুক্তিৰ যাবলৈ- ৱান টাইম ৱান ৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰী অধিসূচনা অনুসৰি UPSৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ চুপাৰ এনুৱেচনৰ এবছৰ আগলৈকে অথবা স্বেচ্চামূলক অৱসৰৰ তিনিমাহ আগলৈকে এই সুবিধা উলবব্ধ হ’ব। চাকৰিৰ পৰা বৰ্খাস্ত,অপসাৰণ বা অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হোৱা কৰ্মচাৰীসকল এই সুবিধাৰ বাবে যোগ্য নহ’ব। এবাৰ এই সুবিধা গ্ৰহণ কৰাৰ পাছত কৰ্মচাৰীসকলে নিশ্চিত পে আউটকে ধৰি UPSৰ অন্যান্য সুবিধা লাভৰ পৰা বঞ্চিত হ’ব। কেন্দীয় বিত্ত মন্ত্ৰালয়ৰ এই পদক্ষেপৰ লক্ষ্য হৈছে পেঞ্চনৰ সুবিধাসমূহ সুশৃংখলিত কৰা আৰু দীৰ্ঘম্যাদী অৱসৰৰ সমাধান হিচাপে NPS ক শক্তিশাৰী কৰা। উল্লেখযোগ্য যে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত বিকল্প হিচাপে UPS প্ৰৱৰ্তন কৰা হৈছিল। ২০ জুলাইলৈকে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৩১ হাজাৰ পাঁচশজন কৰ্মচাৰীয়ে UPS গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত নামভৰ্তিৰ শেষ তাৰিখ ৩০ চেপ্তেম্বৰ।
Site Admin | August 26, 2025 1:09 PM | one time one way
একত্ৰিত পেঞ্চন আঁচনি পৰা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা অন্তৰ্ভুক্তিৰ বাবে ৱান টাইম ৱান ৱে বিশেষ ব্যৱস্থা গ্ৰহণ
