ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ গুলীত এটা চোৰাং চিকাৰী নিহত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি পুৱতি নিশা বন কৰ্মীৰ গুলীত এটা চোৰাং চিকাৰী নিহত হয়। বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰখনৰ পূব প্ৰান্তৰ আগৰাতলী পৰিসৰৰ এৰাসুঁতি ৰঙামতীয়া বন শিবিৰৰ এজাৰ কাঠনি এলেকাত চোৰাং চিকাৰীটো বন কৰ্মীৰ গুলীত নিহত হয়। ইফালে, আন দুটা চোৰাং চিকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সমৰ্থ হয়। বন বিভাগ আৰু অসম আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা থ্রী নট থ্ৰী ৰাইফলৰ লগতে দুটা খালী কার্টিজ আৰু দুজাঁই সজীব গুলী উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পাৰৰ বিশ্বনাথৰ দিশৰ পৰা তিনিজনীয়া চোৰাং চিকাৰীৰ দলটো বনাঞ্চলখনত প্ৰৱেশ কৰাৰ তথ্য বিশেষ সূত্ৰৰ জৰিয়তে লাভ কৰি বন বিভাগে পুৱতি নিশা কৰা এম্বুজত চোৰাং চিকাৰীটোৰ গাত চাৰিজাই গুলী লাগে। আন দুটা চোৰাং চিকাৰীৰ সন্ধানত বন বিভাগে অভিযান অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।