ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 12, 2025 12:24 PM | Om Birla

printer

সংসদক ৰাষ্ট্ৰীয় গুৰুত্ব আৰু জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিষয় উত্থাপনৰ মঞ্চলৈ ৰূপান্তৰৰ বাবে ৰাজনৈতিক দলসমূহক আহ্বান ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদক ৰাষ্ট্ৰীয় গুৰুত্ব আৰু জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিভিন্ন বিষয় উত্থাপন কৰিব পৰা অৰ্থৱহ বিতৰ্ক আৰু আলাপ আলোচনাৰ মঞ্চলৈ ৰূপান্তৰ কৰিবলৈ ৰাজনৈতিক দল আৰু নিৰ্বাচিত জনপ্রতিনিধিসকলৰ প্ৰতি আহ্বান জনাইছে। বাংগালুৰুত আয়োজিত ভাৰত অঞ্চলৰ কমনৱেলথ সংসদীয় সংস্থাৰ ১১ সংখ্যক সন্মিলনত ভাষণ দি লোকসভাৰ অধ্যক্ষগৰাকীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ সাংসদ, বিধায়কসকলক দলীয় স্বাৰ্থৰ উৰ্ধলৈ উঠিবলৈ আৰু ৰাইজৰ প্ৰতিনিধি হিচাপে আলোচনাত অংশগ্ৰহণ কৰিবলৈ কয় । অধ্যক্ষগৰাকীয়ে লগতে সদনৰ কাম-কাজৰ নিম্নগামী মানক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।